
নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। অহা ৫ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ চৌদি আৰৱৰ ৰিয়াদত থাকিব বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিং। এয়া হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ ছৌদি আৰব। এই ভ্ৰমণৰ সময়ত তেওঁ ছৌদি আৰৱৰ মানৱ সম্পদ আৰু সামাজিক উন্নয়ন মন্ত্ৰী, বৈদেশিক পৰিক্ৰমা আৰু জলবায়ু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী, পৰিৱেশ, জল আৰু কৃষি উপ-মন্ত্ৰী, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎ কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে চৌদি আৰৱত বাস কৰা ভাৰতীয় সম্প্ৰদায় আৰু ভাৰতীয় ব্যৱসায়িক নেতা, উদ্যোগী, আৰু পেছাদাৰীসকলৰ সৈতেও সাক্ষাৎ কৰিব। তেওঁ বহিঃৰাজ্যত কৰ্মৰত ভাৰতীয় শ্ৰমিকৰ সৈতেও মত বিনিময় কৰিব।
মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণে দুয়োপক্ষৰ বাবে মানৱ সম্পদ, দক্ষতা বিকাশ, পৰিৱেশ, জলবায়ু পৰিৱৰ্তন, আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ক্ষেত্ৰত পাৰস্পৰিক আগ্ৰহৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব, আৰু ভাৰত আৰু চৌদি আৰৱৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া