
নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে শুকুৰবাৰে ফ্ৰান্সৰ উচ্চ শিক্ষা, গৱেষণা আৰু মহাকাশ মন্ত্ৰী অধ্যাপক ফিলিপ বাপ্টিষ্টৰ সৈতে দ্বিপাক্ষিক ভাৰ্চুৱেল বৈঠকত মিলিত হয় । দুয়োগৰাকী নেতাই ভাৰত-ফ্ৰান্স মহাকাশ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে।
বৈঠকত মানৱ মহাকাশ উৰণ, উন্নত মহাকাশ প্ৰযুক্তি, মহাকাশ গৱেষণা, উদ্যোগ সহযোগিতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
দুয়োখন দেশৰ মাজত এই আলোচনা ৯-১০ ছেপ্টেম্বৰত পেৰিছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলন আৰু ৭-৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বেংগালুৰু মহাকাশ এক্সপ’ৰ পূৰ্বে।
মহাকাশ বিভাগে শুকুৰবাৰে এক বিবৃতিত প্ৰকাশ কৰি কয় যে পেৰিছ শীৰ্ষ সন্মিলনত ভাৰতৰ ভৱিষ্যত মানৱ মহাকাশ উৰণ কাৰ্যসূচী আৰু নিম্ন পৃথিৱী কক্ষপথৰ ওপৰত মুকলি মূল ভাষণ প্ৰদান কৰিবলৈ ইছৰোৰ অধ্যক্ষ আৰু মহাকাশ বিভাগৰ সচিবক আমন্ত্ৰণ জনোৱা হৈছে।
ভাৰতীয় প্ৰতিনিধি দলটোৱে মহাকাশ ডিজাইন আৰু উৎপাদন প্ৰযুক্তি, মহাকাশ সংযোগ, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বাহিৰত মহাকাশ অন্বেষণ আদি বিষয়তো আলোচনা কৰিব পাৰে।
ইছৰো ভ্ৰমণ কৰিব ফ্ৰান্সৰ মন্ত্ৰী
২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ফ্ৰান্সৰ মন্ত্ৰী ফিলিপ বাপ্টিষ্টে ভাৰত ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ বেংগালুৰুৰ ইছৰোৰ সুবিধাসমূহ ভ্ৰমণ কৰি ড° জিতেন্দ্ৰ সিঙৰ সৈতে সাক্ষাৎ কৰিব।
ইছৰো আৰু ফ্ৰান্সৰ মহাকাশ সংস্থা চিএনইএছে মেঘা-ট্ৰপিকেছ আৰু ছাৰালৰ দৰে যৌথ উপগ্ৰহ প্ৰকল্পত কাম কৰিছে।
এতিয়া দুয়োখন দেশে পৃথিৱী পৰ্যবেক্ষণ, জলবায়ু অধ্যয়ন, মানৱ মহাকাশ উৰণ, নতুন মহাকাশ প্ৰযুক্তি, আৰু ব্যক্তিগত মহাকাশ খণ্ডৰ ক্ষেত্ৰত সহযোগিতা অধিক সম্প্ৰসাৰণৰ দিশত আগবাঢ়িছে।
বৈঠকৰ শেষত দুয়োপক্ষই উদ্ভাৱন, গৱেষণা, আৰু প্ৰযুক্তিগত বিকাশৰ জৰিয়তে ভাৰত-ফ্ৰান্স মহাকাশ অংশীদাৰিত্বক নতুন উচ্চতালৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া