
মুম্বাই, ০৪ ছেপ্টেম্বৰ ((হি.স.)। টাটা নেতৃত্বাধীন বিমান সংস্থা এয়াৰ ইণ্ডিয়াই শুকুৰবাৰে ফুকেট-দিল্লী বিমানখনৰ পাইলট ইন কমাণ্ডৰ সেৱা সমাপ্ত কৰে, যিজনৰ ড্ৰাগছ সেৱন পজিটিভ পোৱা গৈছে।
এয়াৰ ইণ্ডিয়াই আজি এক বিবৃতিত কয় যে ফুকেট-দিল্লী বিমানখনৰ মুখ্য পাইলট পৰীক্ষণত ড্ৰাগছ সেৱন নিশ্চিত হোৱাৰ পিছত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ফুকেটৰ বিমান কাণ্ডৰ তদন্তকাৰী সংস্থা এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে (এএআইবি) প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰাৰ কেইঘণ্টামান পিছতে বিমান সংস্থাটোৱে এই ঘোষণা কৰে।
এএআইবিৰ প্ৰতিবেদনত পাইলটৰ ড্ৰাগছ সেৱন এক গুৰুতৰ চিন্তাৰ বিষয় বুলি উল্লেখ কৰি বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ)ক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আজি এএআইবিয়ে প্ৰকাশ কৰে প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন। এই ঘটনাত আহত হয় ২০ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ। এয়াৰ ইণ্ডিয়াই প্ৰথমে উচ্চতা হেৰুৱাৰ কাৰণ অস্থিৰতা বুলি কৈছিল যদিও বিমান নিৰ্মাতা কোম্পানীটোৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিমানখনৰ সেউজীয়া, নীলা আৰু হালধীয়া ব্যৱস্থাত হাইড্ৰলিক চাপৰ সমস্যাৰ বাবে লিফ্ট আৰু আইলেৰন নিয়ন্ত্ৰণ প্ৰায় চাৰি ছেকেণ্ডৰ বাবে অকাৰ্য্যকৰী হৈ পৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া