নেপালত ২৭৫ জন ভাৰতীয় নিৰুদ্দেশ, পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত
নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। নেপালত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাৰ পিছত ভাৰতে সাহায্য আৰু উদ্ধাৰ অভিযানত নিৰন্তৰ সহায় আগবঢ়াই আহিছে। এতিয়াও সন্ধানহীন হৈ আছে ২৭৫ জন ভাৰতীয় নাগৰিক, ইয়াৰে ৪৯ জন নিৰুদ্দেশ চীনত। ভাৰতে নেপাল চৰকাৰ আৰু জনসাধাৰণৰ
MEA Spokesperson Randhir Jaiswal


নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। নেপালত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাৰ পিছত ভাৰতে সাহায্য আৰু উদ্ধাৰ অভিযানত নিৰন্তৰ সহায় আগবঢ়াই আহিছে। এতিয়াও সন্ধানহীন হৈ আছে ২৭৫ জন ভাৰতীয় নাগৰিক, ইয়াৰে ৪৯ জন নিৰুদ্দেশ চীনত। ভাৰতে নেপাল চৰকাৰ আৰু জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰি পুনৰ নিৰ্মাণ আৰু পুনৰ্বাসনৰ প্ৰচেষ্টাক অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুকুৰবাৰে সাপ্তাহিক সংবাদমেলত উল্লেখ কৰে যে নেপালত এতিয়ালৈকে ১৬৬ জন ভাৰতীয় নাগৰিকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। ইফালে, চীনৰ পৰা ১৯০৭ গৰাকী ভাৰতীয় নাগৰিকে নিৰাপদে নেপালত উপস্থিত হৈছে। বৰ্তমান তিব্বতত কোনো ভাৰতীয় তীৰ্থযাত্ৰী আবদ্ধ হৈ থকা নাই।

ভাৰতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নেপাললৈ প্ৰেৰণ কৰিছে ৫৪জন বিশেষজ্ঞ আৰু জোৱান। ইয়াৰ ভিতৰত আছে ৩০ জন সুৰংগ উদ্ধাৰ বিশেষজ্ঞ, ১৯ জন ফৰেনছিক বিশেষজ্ঞ, আৰু পাঁচজনীয়া চিকিৎসা দল। ভাৰতীয় উদ্ধাৰ আৰু ফৰেনছিক দলে নেপালৰ স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।

মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে এতিয়ালৈকে প্ৰায় ৯৫ টন সাহায্য সামগ্ৰী আৰু ৭খন বিমান নেপালৰ সাহায্য আৰু উদ্ধাৰ অভিযানলৈ প্ৰেৰণ কৰিছে। কালি কাঠমাণ্ডুত ২১ টন সাহায্য সামগ্ৰী লৈ ভাৰতৰ দুখন বিমান উপস্থিত হয়। আগন্তুক দিনত আৰু অধিক প্ৰাথমিক চিকিৎসা কিট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা হ’ব, নেপালৰ প্ৰয়োজন অনুসৰি।

জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত জয়ছৱালে উল্লেখ কৰে যে ভাৰতে ইয়াক এক সাধাৰণ প্ৰত্যাহ্বান বুলি গণ্য কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে ব্যৱস্থা সাধাৰণ কিন্তু পৃথক দায়িত্ব আৰু নিজ নিজ সামৰ্থ্যৰ নীতিৰ ওপৰত ভিত্তি কৰি হ’ব লাগে। তেওঁৰ মতে উচ্চ নিৰ্গমনৰ বাবে ঐতিহাসিকভাৱে দায়বদ্ধ উন্নত দেশসমূহে নিৰ্গমন হ্ৰাস কৰি উন্নয়নশীল দেশসমূহক বিত্ত আৰু প্ৰযুক্তি প্ৰদানৰ ক্ষেত্ৰত আগভাগ লোৱা উচিত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande