চাইবাৰ অপৰাধৰ অভিযোগত শিৱসাগৰৰ জেঙনিকটিয়াত আৰক্ষীৰ অভিযান
শিৱসাগৰৰ জেঙনিকটিয়াত আৰক্ষীৰ অভিযান।
চাইবাৰ অপৰাধৰ অভিযোগত শিৱসাগৰৰ জেঙনিকটিয়াত আৰক্ষীৰ অভিযান


শিৱসাগৰ, ৩০ ছেপ্তেম্বৰ (হি.স.): শিৱসাগৰৰ জেঙনিকটিয়াত যোৱা কালি মঙলবাৰে সন্ধিয়া আৰক্ষীৰ অভিযান চলে । এটা ভাড়াঘৰত শিৱসাগৰ সদৰ আৰক্ষীয়ে চলায় এই অভিযান । জেঙনিকটিয়াৰ এজন ব্যক্তিৰ ঘৰত ভাড়াতীয়া হিচাপে বসবাস কৰি অহা আৰমান আলি নামৰ যুৱকজনৰ কোঠাত আৰক্ষীয়ে তালাচী চলায় ।

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত যুৱকজনৰ ভাড়াঘৰৰ কোঠাত আৰক্ষীৰ তালাচী চলে । তালাচীৰ সময়ত আৰমান আলি নামৰ যুৱকজনৰ কোঠাৰ পৰা আৰক্ষীয়ে আঠখন পাছবুক, দুখন চেকবুক, আঠখন চিম কাৰ্ড, সাতখন এ টি এম কাৰ্ড, চাৰিটা মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে লগতে এএছ ০৪ এইচ ৯৬২২ নম্বৰৰ এখন আই ১০ বাহনৰ লগতে এখন এএছ ০৪ এএইচ ৬৫৩২ নম্বৰৰ এখন স্কুটিও জব্দ কৰে। বহুলোকৰ পৰা অনলাইনযোগে প্ৰবঞ্চনাৰে ধন সৰকাই আহিছিল যুৱকজনে।

আনহাতে আৰমান আলি নামৰ ধৃত চাইবাৰ অপৰাধীটোৰ স্বীকাৰোত্তিৰ ভিত্তিত জেঙনিকটিয়া অঞ্চলৰ নাজিম আলি নামৰ আন এটা চাইবাৰ অপৰাধীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই অপৰাধীটোৱে পলায়ন কৰে । নাজিম আলি নামৰ চাইবাৰ অপৰাধীটো বাঘহাজৰিকা ঐক্য মঞ্চ নামৰ সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক । মহাৰাষ্ট্ৰৰ এটা কুখ্যাত অনলাইন প্ৰবঞ্চক দলৰ সৈতে যুৱকজন জড়িত থকা বুলি সন্দেহ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande