
কামৰূপ, ২৮ ছেপ্টেম্বৰ (হি.স.): চাইবাৰ জালিয়াতিৰ এটা গোচৰৰ চলি থকা তদন্তৰ মাজতে এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে নগৰবেৰা আৰক্ষীয়ে। টুপামাৰী বজাৰত যোৱা কালি দেওবাৰে সন্ধিয়া অভিযান চলাই নিজ দোকানৰ পৰা পলাতক অভিযুক্ত মছুদ হুছেইনক গ্ৰেপ্তাৰ কৰে নগৰবেৰা আৰক্ষীয়ে।
বকো-ছয়গাঁওৰ চিডিএছপি জাংকিশোৰ গগৈ, এপিএছৰ তত্বাৱধানত চলোৱা এই অভিযানত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (ওচি)ৰ নেতৃত্বত নগৰবেৰা আৰক্ষী থানাৰ লগতে টুপামাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দলে অভিযান চলায়। গ্ৰেপ্তাৰ কৰা অভিযুক্ত মছুদ হুছেইন হৈছে , নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নতুন বদলাৰ আব্দুল ছাত্তাৰ নামৰ লোকজনৰ পুত্ৰ । আৰক্ষীৰ তথ্য অনুসৰি, মছুদ হুছেইন ইমানদিনে পলাতক হৈ আছিল। গ্ৰেপ্তাৰ কৰা আন অভিযুক্তসকলৰ জেৰাৰ সময়ত দিয়া বক্তব্য, তদন্তৰ সময়ত উদ্ধাৰ হোৱা এখন ডায়েৰীৰ বিশ্লেষণ আৰু কাৰিকৰী তথ্যৰ ভিত্তিত মছুদ হুছেইনৰ নাম তদন্তত পোহৰলৈ আহিছিল।
অভিযানৰ সময়ত আৰক্ষীয়ে তেওঁৰ পৰা জব্দ কৰে এটা মোবাইল ফোন, চাৰিখন এটিএম/ডেবিট কাৰ্ড, যিসমূহ অভিযুক্তজনৰ লগতে আন ব্যক্তিৰ নামত থকা বুলি জানিব পৰা গৈছে । ইফালে, চাইবাৰ জালিয়াতিৰ বৃহত্তৰ নেটৱৰ্কটোৰ সৈতে অভিযুক্তজনৰ সম্পৰ্ক আৰু গোচৰটোত তেওঁৰ সঠিক ভূমিকা কি আছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ