
কামৰূপ, ২৭ ছেপ্টেম্বৰ (হি.স.): ৰঙিয়াৰ এখন গহণালয়ত যোৱা কালি শনিবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় ।
ৰঙিয়াৰ এনটি ৰোডৰ থকা ৰয়েল জুৱেলাৰ্চত অভিযান চলাই নাগ্ৰিজুলি আৰক্ষীয়ে । চুৰি সোণ ক্ৰয় কৰাৰ অভিযোগত আৰক্ষীৰ এই অভিযান চলে।
জানিব পৰামতে, নাগ্ৰিজুলিৰ কুম্ভিজাৰৰ অজয় মজুমদাৰে নিজ বায়েকৰ পৰা চুৰি কৰিছিল সোণ। বায়েকৰ এজাহৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অজয় মজুমদাৰক। অজয় মজুমদাৰে চুৰি কৰা সোণ বিক্ৰী কৰিছিল ৰঙিয়াৰ ৰয়েল জুৱেলাৰ্চত। আৰক্ষীয়ে জব্দ কৰিছে চুৰি কৰি বিক্ৰী কৰা সোণ। লগতে আটক কৰিছে গহণালয় খনৰ স্বত্বাধিকাৰীক। উল্লেখ্য যে ৰঙিয়াত প্ৰায়ে সংঘটিত হৈ থাকে এটাৰ পিছত এটাকৈ এনেধৰণৰ ঘটনা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ