
নগাঁও, ২৬ ছেপ্টেম্বৰ (হি.স.): নগাঁৱৰ আমনিত যোৱা কালি শুকুৰবাৰে সন্ধিয়া হাতত মাৰণাস্ত্ৰ লৈ দুই বাইক আৰোহীয়ে আতংক সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, মাৰণাস্ত্ৰ লৈ বাইকত অহা দুই যুৱকৰ চলাচলক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিৱেশ। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি পাইছে। ঘটনাস্থলীত আৰক্ষী উপস্থিতি হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। এই ক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ জৰিয়তে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ