
হোজাই, ২৬ ছেপ্টেম্বৰ (হি.স.): ডবকাত যোৱা কালি শুকুৰবাৰে নিশা গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীয়ে সফল অভিযান চলায় । ডবকা বজাৰত আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ আটক কৰে এজন গাঞ্জা ব্যৱসায়ীক ৷
আটকাধীন লোকজনক অবিষেক মজুমদাৰ বুলি পৰিচয় পোৱা গৈছে । আৰক্ষীৰ অভিযোগ অনুসৰি, ডবকা বজাৰত নিজৰ ঘৰৰ সন্মুখত থকা পান দোকানৰ জৰিয়তে গাঞ্জা বিক্ৰী কৰি আহিছিল লোকজনে । গোপন সূত্ৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে দোকানখনত তালাচী চলায় । তালাচীৰ সময়ত বুজ পৰিমাণৰ গাঞ্জাৰ লগতে আপত্তিজনক সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ