মানকাচৰত নিচাজাতীয় টেবলেটসহ এজন সৰবৰাহকাৰী আটক
38 টা নিচাজাতীয় টেবলেটসহ এজন সৰবৰাহকাৰী আটক।
মানকাচৰত নিচাজাতীয় টেবলেটসহ এজন সৰবৰাহকাৰী আটক


দক্ষিণ শালমাৰা-মানকাচৰ, ২৪ ছেপ্টেম্বৰ (হি.স.): দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী চকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পোম খেদি যোৱা ৰাতি সৰকাৰপাৰা গাঁৱত অভিযান চলাই বৃহৎ পৰিমানৰ নিচা জাতীয় সামগ্ৰী সহ এজনক আটক কৰে।

উল্লেখযোগ্য যে মানকাচৰ থানাৰ অধীনস্থ সৰকাৰ পাৰা গাওঁৰ ৰফিয়ল হকৰ পুত্ৰ পাপ্পা মিঞাক মানকাচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰে আটক কৰি তেওঁৰ পৰা ৩৮ টা নিচা জাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।

অধিক তথ্যৰ বাবে ব্যৱসায়ীটোক মানকাচৰ থানাত আনি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande