
কোকৰাঝাৰ, ২৮ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাইত যোৱা কালি দেওবাৰে সন্ধিয়া ভুৱা চালানৰে শিল কঢ়িওৱা ডাম্পাৰ এখন জব্দ কৰা হয় । কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাইত স্থানীয় ৰাইজে সন্দেহজনক এখন শিলভৰ্তি ডাম্পাৰ ৰখাই বন বিভাগক চমজাই দিয়ে । শিমূলটাপূৰৰ পৰা বগৰিবাৰী অভিমুখে গৈ থকা ডাম্পাৰখনৰ নথি-পত্ৰ পৰীক্ষা কৰাত চালানসহ নথি ভুৱা বুলি সদৰী কৰে বন বিভাগে।
ইয়াৰ পাছতে বন বিভাগে ডাম্পাৰখন জব্দ কৰি খোৰাঘাট বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় । জব্দ কৰা ডাম্পাৰখনৰ নম্বৰ এনএল ০১ এজে ৮২৯০ বুলি কোৱা হৈছে। ইফালে, ডাম্পাৰখনৰ চালকৰ ভাষ্য অনুসৰি, ধনৰ বিনিময়ত সঞ্জীত ব্ৰহ্ম নামৰ এজন ব্যক্তিয়ে যোগান ধৰিছিল এই চালান । ভুৱা চালান যোগান ধৰি চৰকাৰী ৰাজহ ফাঁকিৰে অবৈধ বেহা চলাই থকাৰ ঘটনাই বহু প্ৰশ্নৰো অৱতাৰণা কৰিছে। এই ক্ষেত্ৰত পৰ্বতঝোৰা বন বিভাগে এইজন চৰকাৰী ৰাজহ ফাঁকিৰে অবৈধ বেহা চলোৱা সঞ্জীত ব্ৰহ্মৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ