শিৱসাগৰৰ বানপীড়িত পশুপালক সকলৰ সহায়ৰ বাবে পশু স্বাস্থ্য শিবিৰ
শিৱসাগৰ, ২৯ ছেপ্টেম্বৰ (হি.স.)। আজি ইংৰাজী ২৯ ছেপ্টেম্বৰ তাৰিখে শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত পশুপালক সকলক সময়োচিত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ভাৰত বিকাশ পৰিষদ (Bharat Vikash Parishad), অসম প্ৰান্তৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), যোৰহাট তথা
বানপীড়িত পশুপালকসকলৰ সহায়ৰ বাবে পশু স্বাস্থ্য শিবিৰ*


শিৱসাগৰ, ২৯ ছেপ্টেম্বৰ (হি.স.)। আজি ইংৰাজী ২৯ ছেপ্টেম্বৰ তাৰিখে শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত পশুপালক সকলক সময়োচিত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ভাৰত বিকাশ পৰিষদ (Bharat Vikash Parishad), অসম প্ৰান্তৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), যোৰহাট তথা কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ সহযোগত শিৱসাগৰ জিলাৰ ফুলপানীছিগাৰ চাংমাই গাঁৱত এটা পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।

এই শিবিৰৰ জৰিয়তে বানপীড়িত পশুধনৰ বাবে প্ৰয়োজনীয় ঔষধ, পশুখাদ্য আৰু খনিজ লৱণৰ মিশ্ৰণ বিতৰণ কৰাৰ লগতে পশুপালক সকলক পশুধনৰ স্বাস্থ্য সুৰক্ষা আৰু পশুধনৰ উপযুক্ত প্ৰতিপালনৰ বিষয়ে কাৰিকৰী পৰামৰ্শ আগবঢ়োৱা হয়। শিবিৰটোৰ জৰিয়তে অঞ্চলটোৰ ১০০ৰো অধিক পশুপালক উপকৃত হয়।

কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ মুৰব্বী ড০ সঞ্জয় বৰঠাকুৰৰ নেতৃত্বত ড০ ভৈৰৱ গগৈ, বিষয়বস্তু বিশেষজ্ঞ (উদ্যানশস্য) ডাঃ প্ৰভাত বৰুৱা, বিষয়বস্তু বিশেষজ্ঞ (পশু বিজ্ঞান) জীৱন জ্যোতি য়েইন, কাৰ্য্যসূচী সহায়ক (মীন), সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ পৰা ডাঃ অনুপানন্দ গোস্বামী, বিষয়বস্তু বিশেষজ্ঞ (পশু বিজ্ঞান), উপস্থিত থাকে। আমগুৰিৰ পশু চিকিৎসা বিষয়া ডাঃ হেমেন গগৈয়েও শিবিৰটোত উপস্থিত থাকি পশু চিকিৎসা সম্পৰ্কীয় কাৰিকৰী সহায় আগবঢ়ায়।

অনুষ্ঠানত ভাৰত বিকাশ পৰিষদ, অসম প্ৰান্তৰ সভাপতি ডাঃ কিশোৰ বৰুৱা আৰু সম্পাদক নিৰ্মল কান্তি দে উপস্থিত থাকি কৃষক সকলক সম্বোধন কৰে। দুয়ো গৰাকী বক্তাই বানপানীৰ পিছত পশুধনৰ স্বাস্থ্য সুৰক্ষা, পশুপালক সকলৰ সমস্যা সমূহ আৰু এনে দুৰ্যোগৰ সময়ত পশুধনৰ সঠিক যত্ন আৰু ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত উপস্থিত কৃষি আৰু পশু স্বাস্থ্য বিশেষজ্ঞ সকলে বান পৰৱৰ্তী সময়ত পশুধনৰ সুষম পুষ্টি, পৰিষ্কাৰ খোৱাপানী, পৰিষ্কাৰ-পৰিচ্ছন্ন গোহালি, খনিজ লৱণৰ পৰিপূৰক যোগান আৰু ৰোগৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্তকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। বানপানীৰ পিছত পশুধন বিভিন্ন ৰোগ, পুষ্টিহীনতা আৰু শাৰীৰিক চাপৰ সন্মুখীন হ'ব পাৰে বুলি উল্লেখ কৰি কৃষকসকলক সময়মতে পশু চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনোৱা হয়।

বিশেষজ্ঞ সকলে উল্লেখ কৰে যে গ্ৰাম্য পৰিয়ালসমূহৰ বাবে পশুধন হৈছে উপাৰ্জন, পুষ্টি আৰু জীৱিকাৰ নিৰাপত্তাৰ এক গুৰুত্বপূৰ্ণ উৎস। সেয়েহে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পশুধনৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ লগতে বানপীড়িত কৃষক পৰিয়ালসমূহৰ জীৱিকা পুনৰ সুস্থিৰ কৰি তোলাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

এই কাৰ্যসূচীয়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৃষক সমাজলৈ সময়োচিত সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ, পশু চিকিৎসা সেৱা আৰু স্বেচ্ছাসেৱী সংগঠনৰ মাজত সমন্বিত প্ৰচেষ্টাৰ গুৰুত্ব পুনৰ প্ৰতিফলিত কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটে কৃষক সকলৰ প্ৰয়োজন ভিত্তিক, বিজ্ঞান সম্মত আৰু সময়োচিত সম্প্ৰসাৰণ সেৱা আগবঢ়োৱাৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ।

বানপীড়িত কৃষক আৰু পশুপালক পৰিয়াল সমূহৰ জীৱিকা পুনৰুদ্ধাৰ আৰু দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰতো কেভিকে (KVK), যোৰহাটে এনে সহযোগিতামূলক পদক্ষেপ অব্যাহত ৰাখিব। চাংমাই গাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পশুপালক কৃষকসকলে সময়োচিত সহায়, পশু স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আৰু প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱাৰ বাবে ভাৰত বিকাশ পৰিষদ, কেভিকে যোৰহাট, কেভিকে শিৱসাগৰ আৰু অংশগ্ৰহণকাৰী পশু চিকিৎসা তথা কৃষি বিশেষজ্ঞ সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande