
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। আজি খ. ইবৌচৌবা সিংহ, দ্বিতীয় কমাণ্ড বিষয়া তথা কাৰ্যবাহী কমাণ্ডেণ্ট, প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছ এচ বি), সোণাপুৰৰ মাৰ্গদৰ্শনত প্ৰথম বাহিনী এছ এচ বিৰ ‘এ’ সমৱায় ভাকতপাৰাৰ দ্বাৰা এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
উক্ত কাৰ্যসূচী জয়ন্ত বৰা, সহায়ক কমাণ্ডেণ্ট তথা সমৱায় প্ৰভাৰী, ‘এ’ সমৱায় ভাকতপাৰাৰ তত্বাৱধানত অনুষ্ঠিত হয়। এই উপলক্ষে সমৱায় প্ৰভাৰীয়ে উপস্থিত বিদ্যালয়ৰ ছাত্ৰীসকলক বৃক্ষৰোপণৰ গুৰুত্ব, পৰিৱেশ সংৰক্ষণ তথা গছ-গছনিৰ যত্ন আৰু সংৰক্ষণৰ বিষয়ে অৱগত কৰে।
তেওঁ ছাত্ৰীসকলক জনায় যে গছে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা, বায়ু পৰিষ্কাৰ ৰখা আৰু জলবায়ু তথা পৰিৱেশ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে অধিক সংখ্যক গছপুলি ৰোপণ কৰা আৰু ৰোপণ কৰা গছপুলিসমূহৰ নিয়মীয়াকৈ যত্ন আৰু সংৰক্ষণ কৰিবলৈ ছাত্ৰীসকলক উৎসাহিত কৰা হয়।
এই কাৰ্যসূচীৰ জৰিয়তে এছ এচ বিয়ে বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে *“অধিক গছপুলি ৰোপণ কৰক, পৰিৱেশ ৰক্ষা কৰক”ৰ বাৰ্তা প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী