
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। ৰে’ল কৰ্মচাৰী আৰু যাত্ৰীসকলৰ বাবে সুৰক্ষিত তথা গুণগত মানসম্পন্ন খোৱাপানীৰ উপলব্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই অলপতে পাণ্ডুত থকা জল শোধনাগাৰ পৰিদৰ্শন কৰে। প্ৰকল্পটো পৰিদৰ্শন কৰিজল শোধনআৰু ইয়াৰ গুণগত মান নিৰীক্ষণৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য চিকিৎসা সঞ্চালক (পিচিএমডি)-এ পানী পৰিশোধন প্ৰকল্পটোৰ কাৰ্যক্ষমতা আৰু পৰিশোধিত পানীৰ গুণগত মানদণ্ড নিৰীক্ষণৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ প্ৰকল্পটো পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়তপানীৰ স্বচ্ছতাৰ মাত্ৰা আৰু অৱশিষ্ট ক্ল’ৰিনকে ধৰিগুৰুত্বপূৰ্ণ মাপকাঠীসমূহ পৰীক্ষা কৰা হয় আৰু এইসমূহ সন্তোষজনক বুলি পোৱা যায়। পৰিদৰ্শনৰ সময়ত পৰিশোধিত পানীত অৱশিষ্ট ক্ল’ৰিনৰ মাত্ৰা ২ পিপিএম হিচাপে পোৱা যায়।ৰে’ল কৰ্মচাৰী আৰু যাত্ৰীসকলৰ বাবে সুৰক্ষিত তথা পৰ্যাপ্ত খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে পৰিদৰ্শনকালত পানীৰ গুণগত মানদণ্ডৰ নিয়মীয়া নিৰীক্ষণ আৰু জল পৰিশোধন প্ৰকল্পটোৰ সঠিক ৰক্ষণাবেক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
প্ৰকল্পটোত গ্ৰহণ কৰা ব্যৱস্থাসমূহে পানীৰ গুণগত মানদণ্ড ধাৰাবাহিকভাৱে বজাই ৰখাত সহায় কৰাৰ লগতে ৰে’ল কৰ্মচাৰী আৰু যাত্ৰীসকলৰ বাবে স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ সামগ্ৰিক পৰিৱেশ উন্নত কৰাতো অৰিহণা যোগাইছে।পৰিদৰ্শনৰ সময়ত মালিগাঁও আৰু পাণ্ডুৰ চিকিৎসা, অভিযান্ত্ৰিক আৰু স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গও উপস্থিত থাকে।
সংশ্লিষ্ট বিষয়াবৰ্গক পানীৰ গুণগত মান নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকাৰ লগতে সুৰক্ষিত তথা গুণগত মানসম্পন্ন খোৱাপানীৰ অবিৰত যোগান নিশ্চিত কৰাৰ বাবে জল পৰিশোধনৰ সুবিধাসমূহৰ সঠিক ৰক্ষণাবেক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। এই পৰিদৰ্শনে স্বাস্থ্য আৰু অনাময়ৰ উচ্চ মানদণ্ড বজাই ৰখাৰ লগতে ৰে’ল কৰ্মচাৰী আৰু যাত্ৰীসকলৰ বাবে নিৰ্ভৰযোগ্য খোৱাপানীৰ সুবিধা নিশ্চিত কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অব্যাহত প্ৰচেষ্টাক প্ৰতিফলিত কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী