
মুখ্যমন্ত্ৰীৰ হাইভল্টেজ সভাৰ সমান্তৰালকৈ চলিছে বুথে বুথে চোতাল বৈঠক
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ লাহে লাহে তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰহা, চামগুৰি আৰু লাহৰিঘাটত তিনিখনকৈ বিশাল সভাত অংশগ্ৰহণ কৰাৰ পিছত আজি আকৌ নগাঁও-বটদ্ৰৱাৰ ৰাইডঙীয়া, মৰিগাঁও আৰু ধিঙত অনুষ্ঠিত নির্বাচনী জনসভাত অংশগ্রহণ কৰি উপস্থিত ৰাইজক আগন্তুক উপ-নির্বাচনত এনডিএ প্রার্থী দেবাশীষ শর্মাক পদুম ফুলৰ চিহ্নত ভোট দিবলৈ আহ্বান জনায়।
নগাঁও-বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়াত অনুষ্ঠিত সভাত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত নির্বাচনত দিয়া প্রতিশ্রুতিৰ কথা দোহাৰি তাৰবাবে যুৱক-যুৱতী সকলক প্রস্তুতি চলাবলৈও আহ্বান জনায়। আৰক্ষী, সেনাবাহিনী বা চিআৰপিএফত চাকৰি পাবলৈ নগাঁও-বটদ্ৰৱা সমষ্টিটোৰ আগ্রহী যুৱক-যুৱতীসকলৰ প্রেক্টিছৰ বাবে কেবাখনো খেলপথাৰ সাজু কৰিবলৈ বিধায়ক ৰূপক শর্মাক নির্দেশ দিয়ে। সমান্তৰালকৈ মেডিকেলত চিট পাবলৈও ছাত্র-ছাত্রী সকলক অনুশীলন কৰিবলৈ আহ্বান জনায়। ৰাজ্যখনক দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অসম মালাৰ অধীনত বাট-পথকে ধৰি স্বাস্থ্য-শিক্ষা খণ্ডত অহা সময়ছোৱাত অসমত ডেৰ লাখ কোটি টকা ব্যয় কৰা হ'ব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।
ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নির্বাচনী সভাৰ সমান্তৰালকৈ চলিছে যুৱ মৰ্চা, মহিলা মর্চা, কৃষক মৰ্চা আৰু অ'বিচি মৰ্চাৰ নেতৃত্বত বুথে বুথে চোতাল বৈঠক। যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে যুৱ ভোটাৰ সকলক আকৰ্ষণ কৰিবলৈ যুৱ বুথ সন্মিলন আৰু চ'ৰা ঘৰ বৈঠক অনুষ্ঠিত কৰে। সৰু সৰু সভাৰে ভোটাৰ ৰাইজৰ মাজত সোমাই পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল।
আনহাতে ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি সংসদীয় সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই লাহৰিঘাটৰ বৰালীমাৰিত অনুষ্ঠিত এখন জনসভা সম্বোধন কৰি কংগ্ৰেছে সংখ্যালঘু ৰাইজক আনৰ আগত হাত পাতিবলৈ এৰি দিয়া বুলি দলটোক কটাক্ষ কৰি এই নিৰ্বাচনৰ জৰিয়তে লাহৰিঘাট সমষ্টিত বাপ-দাদাৰ শোষণৰ অন্ত পেলাবলৈ আহ্বান জনায়। সভাপতি শইকীয়াৰ উপৰিও অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰহাৰ দক্ষিণপাট, মন্ত্রী পীযূষ হাজৰিকা আৰু ডাঃ ৰণোজ পেগুৱে জাগীৰোডত, মন্ত্রী বিশ্বজিৎ দৈমাৰী মৰিগাঁৱত, মন্ত্রী সুশান্ত বৰগোহাঁই ধিঙত, মন্ত্রী নীলিমা দেবী ৰূপহীহাট আৰু বিধায়ক জিতু গোস্বামীয়ে চামগুৰিত পৃথকে পৃথকে নির্বাচনী সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক সম্বোধন কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী