কোকৰাঝাৰত পকছো আইনত দোষী সাব্যস্ত বদীয়ত খানক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড
কোকৰাঝাৰ, ২৯ ছেপ্তেম্বৰ (হি.স.)। নাবালিকা ধৰ্ষণৰ গোচৰত কোকৰাঝাৰ বিশেষ আদালতে মঙলবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰি অভিযুক্ত বদীয়ত খান (৪৫)ক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে অপৰাধী জনক ২০ হাজাৰ টকাৰ জৰিমনাও বিহে। জৰিমনা অনাদায় হ’লে অতিৰিক
কোকৰাঝাৰত পকছো আইনত দোষী সাব্যস্ত বদীয়ত খানক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড


কোকৰাঝাৰ, ২৯ ছেপ্তেম্বৰ (হি.স.)। নাবালিকা ধৰ্ষণৰ গোচৰত কোকৰাঝাৰ বিশেষ আদালতে মঙলবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰি অভিযুক্ত বদীয়ত খান (৪৫)ক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে অপৰাধী জনক ২০ হাজাৰ টকাৰ জৰিমনাও বিহে। জৰিমনা অনাদায় হ’লে অতিৰিক্ত ছয় মাহৰ কাৰাদণ্ড ভোগ কৰিব লাগিব বুলি আদালতে ৰায়দান কৰে।

অভিযোগ অনুসৰি, ২০২৩ চনৰ ৩ মাৰ্চৰ সন্ধিয়া গোসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত ঘৰত কোনো নথকাৰ সুযোগ লৈ বদীয়ত খানে এগৰাকী নাবালিকাৰ ঘৰত প্ৰৱেশ কৰিছিল। অভিযোগ অনুসৰি, অভিযুক্ত জনে নাবালিকা গৰাকীৰ হাত আৰু মুখ গামোছাৰে বান্ধি কান্ধত উঠাই কাষৰীয়া বাগানলৈ লৈ গৈ ধৰ্ষণ কৰিছিল।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে নাবালিকা গৰাকীৰ পৰিয়ালে গোসাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই সন্দৰ্ভত গোসাইগাঁও আৰক্ষী থানাত ২৩৬/২৩ নম্বৰত গোচৰ ৰুজু কৰা হয়। পিছত গোচৰটো পকছো আইনৰ ধাৰা ৪(২)-ৰ অধীনত বিশেষ আদালতলৈ হস্তান্তৰ কৰা হয় আৰু কোকৰাঝাৰ বিশেষ আদালতত ১৫১/২৩ নম্বৰৰ গোচৰ হিচাপে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

গোচৰটোৰ শুনানি আৰু সংশ্লিষ্ট তথ্য-প্ৰমাণ পৰ্যালোচনাৰ অন্তত কোকৰাঝাৰৰ বিশেষ আদালতে মঙলবাৰে চূড়ান্ত ৰায়দান কৰে। ৰায় অনুসৰি, বদীয়ত খানক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহা হয়। জৰিমনা অনাদায়ৰ ক্ষেত্ৰত অতিৰিক্ত ছয় মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande