


কোকৰাঝাৰ, ২৯ ছেপ্তেম্বৰ (হি.স.)। অসমৰ মহিলা আৰু শিশু উন্নয়ন তথা পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি কোকৰাঝাৰ জিলাত উপস্থিত হৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
মন্ত্ৰীগৰাকীয়ে প্ৰথমে কোকৰাঝাৰৰ ডিমলগাঁৱত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত নিৰ্মাণ হৈ থকা কৰ্মৰত মহিলাৰ হোষ্টেল পৰিদৰ্শন কৰে। নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ প্ৰকল্পটোৰ বৰ্তমানৰ স্থিতি আৰু অবশিষ্ট কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ উপৰি জিলাখনত নিৰ্মাণ হৈ থকা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যালয় ভৱন পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অবশিষ্ট কামসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে।
পৰৱৰ্তী সময়ত কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক চেউলি মহিলাৰী, বাওখুংগ্ৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰায়, পাৰ্বতঝৰা বিধানসভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলাম শ্বেখ, বিটিচিৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰী, বিটিচিৰ সচিব পামী ব্ৰহ্ম, কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, অতিৰিক্ত জিলা আয়ুক্তসকল, যুটীয়া সঞ্চালক তথা CHD, জিলা সমাজ কল্যাণ বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলসহ সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই মন্ত্ৰী অজন্তা নেওগক আদৰণি জনাই মহিলা আৰু শিশু উন্নয়ন বিভাগক শক্তিশালী কৰাৰ লগতে জিলাখনত বিভাগীয় আঁচনিসমূহৰ ৰূপায়ণ অধিক ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনত নিৰ্মাণাধীন অংগনৱাড়ী কেন্দ্ৰসমূহৰ অগ্ৰগতি, ইতিমধ্যে কাৰ্যক্ষম অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাম-কাজ, আইচিডিএছ প্ৰকল্পসমূহৰ অগ্ৰগতি আৰু মহিলা তথা শিশুৰ কল্যাণৰ বাবে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বিষয়ে বুজ লয়। ‘বেটী বচাও, বেটী পঢ়াও’ আৰু ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।
বিভাগটোৰ সেৱা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে খালী হৈ থকা পদসমূহ অতি শীঘ্ৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত পূৰণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। তেওঁ কয় যে ইয়াৰ জৰিয়তে বিভাগটোৰ সকলো স্তৰত সেৱা প্ৰদানৰ ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ লগতে আঁচনিসমূহৰ ৰূপায়ণ অধিক দক্ষতাৰে সম্পন্ন কৰিব পৰা যাব।
বৈঠকত ভাষণ দি মন্ত্ৰী অজন্তা নেওগে মহিলা, স্তন্যপান কৰাই থকা মাতৃ আৰু শিশুৰ মাজত পুষ্টি সম্পৰ্কীয় সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু উন্নত স্বাস্থ্যচৰ্চাৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে।
ইয়াৰ লগতে সমাজত প্ৰভাৱ পেলোৱা বিভিন্ন সামাজিক বিষয়ৰ সন্দৰ্ভত অধিক সজাগতা সৃষ্টি কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়ে। বিশেষকৈ ডাইনী সন্দেহত নিৰ্যাতন, পাৰিবাৰিক হিংসা আৰু শিশু যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা (পক্সো) আইনৰ অধীনৰ ঘটনাসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে মহিলা আৰু শিশুৰ কল্যাণ তথা বিভাগীয় আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰ, বিটিচি আৰু জিলা প্ৰশাসনে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ