সাংবিধানিক সংস্থাসমূহৰ প্ৰতি অহেতুক সন্দেহৰ বাতাবৰণ সৃষ্টি কৰাটো গণতন্ত্ৰৰ ওপৰত কুঠাৰাঘাত: বিজুলী কলিতা মেধি
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। নির্বাচন আয়োগৰ শেহতীয়া স্পষ্টীকৰণৰ পৰিপ্ৰেক্ষিতত এছ আই আৰ সন্দৰ্ভত বিৰোধী পক্ষই উত্থাপন কৰি অহা বিভিন্ন অভিযোগ আৰু প্ৰশ্নৰ বিষয়ে ভাৰতীয় জনতা পার্টিয়ে আজি নিজৰ স্থিতি স্পষ্ট কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী
গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ সংবাদমেল


গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। নির্বাচন আয়োগৰ শেহতীয়া স্পষ্টীকৰণৰ পৰিপ্ৰেক্ষিতত এছ আই আৰ সন্দৰ্ভত বিৰোধী পক্ষই উত্থাপন কৰি অহা বিভিন্ন অভিযোগ আৰু প্ৰশ্নৰ বিষয়ে ভাৰতীয় জনতা পার্টিয়ে আজি নিজৰ স্থিতি স্পষ্ট কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি কয় যে নির্বাচনী ব্যৱস্থাৰ বিশ্বাসযোগ্যতা আৰু সাংবিধানিক প্রতিষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ আস্থা অটুট ৰখাটো সকলো ৰাজনৈতিক দলৰ দায়িত্ব।

সাংসদ মেধিয়ে কয় যে ২৬ ছেপ্টেম্বৰত মুখ্য নির্বাচন আয়ুক্ত আৰু নির্বাচন আয়ুক্তদ্বয়ৰ সৈতে হোৱা বৈঠকৰ পিছত নির্বাচন আয়োগে এছ আই আৰ সম্পর্কীয় সিদ্ধান্তসমূহ সন্দর্ভত একাধিক বিষয় স্পষ্ট কৰিছে। আয়োগৰ মতে, এছ আই আৰৰ মূল সিদ্ধান্ত আৰু সংশ্লিষ্ট সময়সূচীসমূহ সৰ্বসন্মতিক্রমে গ্রহণ কৰা হৈছিল। তেওঁ কয়, নির্বাচন আয়োগে নিজৰ স্থিতি স্পষ্ট কৰাৰ পিছত এছ আই আৰ সন্দৰ্ভত চলি থকা বহু অভিযোগৰ বাস্তৱিক ভিত্তি সম্পর্কে প্রশ্ন উত্থাপিত হৈছে। সাংবিধানিক সংস্থাসমূহৰ ওপৰত আস্থা অটুট ৰখাৰ পৰিৱৰ্তে ৰাজনৈতিক স্বাৰ্থত সেই সংস্থাসমূহৰ বিশ্বাসযোগ্যতাক লৈ সন্দেহৰ পৰিৱেশ সৃষ্টি কৰা উচিত নহয়।

সাংসদগৰাকীয়ে কয় যে কেবিনেট সচিবলৈ লিখা এখন পত্রক কেন্দ্ৰ কৰি যি ধৰণৰ ৰাজনৈতিক বিতর্ক আৰু প্ৰচাৰ চলোৱা হৈছে, নির্বাচন আয়োগে সেই পত্ৰৰ প্ৰসংগটো প্রশাসনিক বিষয় হিচাপে স্পষ্ট কৰিছে। সেয়েহে এখন সংবাদ প্রতিবেদন বা আংশিক তথ্যৰ ওপৰত ভিত্তি কৰি সমগ্র নির্বাচনী প্ৰক্ৰিয়াক লৈ সন্দেহৰ পৰিৱেশ সৃষ্টি কৰাটো যুক্তিসংগত নহয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে এছ আই আৰ আৰু ফর্ম ৬ ৰ সন্দৰ্ভত বিভিন্ন মহলে উত্থাপন কৰা প্রশ্নসমূহৰ মাজত তথ্যগত আৰু প্রক্রিয়াগত বিষয় পৃথক কৰি চোৱা প্রয়োজন। নির্বাচন আয়োগে ২৬ ছেপ্টেম্বৰৰ বক্তব্যত ফর্ম ৬ আৰু এছ আই আৰ ৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভতো নিজৰ স্থিতি ব্যাখ্যা কৰিছে।

বিজুলী কলিতা মেধিয়ে কয় যে নির্বাচন আয়োগ হৈছে দেশৰ নিৰ্বাচনী প্রক্রিয়া পৰিচালনা কৰা এক সাংবিধানিক কর্তৃপক্ষ। নির্বাচন আয়োগৰ নিজা তথ্য অনুসৰি, সংস্থাটোৱে লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নির্বাচন পৰিচালনা কৰে। তেওঁ কয় যে ৰাজনৈতিক মতভেদ গণতন্ত্ৰৰ স্বাভাৱিক অংশ যদিও সাংবিধানিক প্রতিষ্ঠানসমূহৰ নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতাক লৈ অভিযোগ উত্থাপন কৰাৰ ক্ষেত্ৰত দায়িত্বশীলতা আৰু তথ্যভিত্তিক আলোচনাৰ প্ৰয়োজন।

সাংসদ মেধিয়ে ২০১৯ চনৰ ৰাফেলৰ প্ৰসংগও উত্থাপন কৰে। সেই সময়ত ৰাহুল গান্ধীয়ে 'চৌকিদাৰ চোৰ হেই' মন্তব্যটো উচ্চতম ন্যায়ালয়ৰ এটা আদেশৰ সৈতে সংযুক্ত কৰি উল্লেখ কৰাৰ পিছত আদালতৰ সন্মুখত ক্ষমা বিচাৰিছিল। পিছত তেওঁ উচ্চতম ন্যায়ালয়ত উক্ত মন্তব্যৰ ভুল আৰোপৰ বাবে বিনাচৰ্তত ক্ষমা বিচাৰি শপতনামা দাখিল কৰিছিল। সাংসদগৰাকীয়ে কয় যে ৰাজনৈতিক বিতর্ক যিমানেই তীব্র নহওক কিয়, ন্যায়পালিকা আৰু নির্বাচন আয়োগৰ দৰে সাংবিধানিক প্রতিষ্ঠানৰ প্ৰতি দায়িত্বশীল আচৰণ বজাই ৰখাটো গণতান্ত্রিক ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ দিশ।

আজিৰ সংবাদমেলত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তা, বিজেপি, অসম প্রদেশৰ উপ-সভাপতি ৰত্না সিং আৰু বিজেপি, অসম প্রদেশৰ সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande