গুৱাহাটীৰ এচিএ ক্ৰিকেট ষ্টেডিয়ামত এছ এছ বিৰ শ্বান দলৰ এণ্টি-ছাবোটাজ পৰীক্ষা সম্পন্ন
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। আজি তাৰিখে প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছ এছ বি), সোণাপুৰৰ দ্বিতীয় কমাণ্ড বিষয়া তথা কাৰ্যবাহী কমাণ্ডেণ্ট খ. ইবৌচৌবা সিংহৰ মাৰ্গদৰ্শনত আগন্তুক ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ২য় এদিনীয়া ক্ৰিকেট খেল উপলক্ষে প্ৰথম বাহিন
গুৱাহাটীৰ এচিএ ক্ৰিকেট ষ্টেডিয়ামত এছ এছ বিৰ শ্বান দলে এণ্টি-ছাবোটাজ পৰীক্ষা সম্পন্ন কৰে


গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। আজি তাৰিখে প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছ এছ বি), সোণাপুৰৰ দ্বিতীয় কমাণ্ড বিষয়া তথা কাৰ্যবাহী কমাণ্ডেণ্ট খ. ইবৌচৌবা সিংহৰ মাৰ্গদৰ্শনত আগন্তুক ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ২য় এদিনীয়া ক্ৰিকেট খেল উপলক্ষে প্ৰথম বাহিনী এছ এছ বি সোণাপুৰৰ শ্বান দলে এ চি এ ক্ৰিকেট ষ্টেডিয়াম, বৰ্ষাপাৰা, গুৱাহাটীত এণ্টি-ছাবোটাজ পৰীক্ষা সম্পন্ন কৰে।

উক্ত নিৰাপত্তা পৰীক্ষাৰ সময়ত এছ এছ বিৰ প্ৰশিক্ষিত এক্সপ্লোচিভ ডিটেকচন ডগ ( ই ডি) ৰাষ্টিৰ সৈতে এইছ চি/জিডি মহেন্দ্ৰ কুমাৰ আৰু চিটি/জিডি সাগৰ ৰবীন্দ্ৰ কট্টিমনি য়ে ষ্টেডিয়ামৰ নিৰ্ধাৰিত বিভিন্ন স্থানত বিস্তৃতভাৱে এণ্টি-ছাবোটাজ পৰীক্ষা চলায়।

এই পৰীক্ষাৰ মূল উদ্দেশ্য আছিল কোনো সন্দেহজনক সামগ্ৰী বা সম্ভাব্য নিৰাপত্তাজনিত ভাবুকি চিনাক্ত কৰা আৰু আগন্তুক ক্ৰিকেট খেলখন উপলক্ষে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা।

এছ এছ বিৰ শ্বান দলে নিৰ্ধাৰিত নিৰাপত্তা প্ৰট'কল অনুসৰি পৰীক্ষা সম্পন্ন কৰি খেলখনৰ সময়ত সুৰক্ষিত আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande