
গোলাঘাট, ০২ ছেপ্টেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাহতিত যোৱা কালি মঙলবাৰে নিশা প্ৰায় ১২ বজাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্বয়ং আৰক্ষীৰ ব'লেৰ বাহনে মহতিয়ালে এখন আই ২০ বাহনক । মৰিয়নীৰ চিডি এছপিৰ বলেৰ বাহনে মহতিয়ালে এখন পথত গৈ থকা দেৰগাঁৱৰে এখন আই ২০ বাহনক । বলেৰ খনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত ৰাস্তাৰ কাষৰ এটা বাসগৃহৰ দেৱাল ভাঙি সোমাই যায় আই ২০ বাহন খন ।
জানিব পৰা মতে মৰিয়নীৰ চিডি এছপি ত্ৰিনয়ন চমুৱাই এখন বাহনৰ সন্ধানত আহি উপস্থিত হৈছিল দেৰগাঁৱত । সন্দেহবশত আই ২০ বাহন খনত খুন্দিয়াই ৰখাবৰ চেষ্টা কৰে । খুন্দাৰ ফলত আই ২০ বাহনখন দুৰ্ঘটনাত পতিত হয় । কথমপি প্ৰাণ ৰক্ষা পৰে আই ২৯ বাহনৰ চালক জনৰ । বলেৰ বাহন খনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোক খেদি খেদি ৰখায় বাহন খনক।
ঘটনা স্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হয় আৰু দুয়োখন বাহনকে দেৰগাঁও থানালৈ লৈ যায়। দুৰ্ঘটনাত পতিত হোৱা আই ২০ বাহন খনৰ নম্বৰ এএছ ০৫ জি ৫৬২৮ আৰু আৰক্ষী বলেৰ বাহন খনৰ নম্বৰ এএছ ০৩ একিউ ৬৪৬৫বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ