বিশ্বনাথ জিলাৰ বিহালীত উপস্থিত ৰাজ্যৰ বিত্ত আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
বিশ্বনাথ জিলাৰ বিহালীত উপস্থিত ৰাজ্যৰ বিত্ত আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
বিশ্বনাথ জিলাৰ বিহালীত উপস্থিত ৰাজ্যৰ বিত্ত আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা


বিশ্বনাথ, ০২ ছেপ্টেম্বৰ (হি.স.) : বিশ্বনাথ জিলাৰ বিহালীত উপস্থিত হয় ৰাজ্যৰ বিত্ত আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । যোৱা কালি মঙলবাৰে নিশাৰ ভাগত বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী অভয়াৰণ্য পৰিদৰ্শন মন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে অৰুণাচলী দুৰ্বৃত্তই বিহালী অভয়াৰণ্যৰ প্ৰায় ৪ হেক্টৰ ভুমিত বন-ধ্বংস কৰিছিল । তাৰ ফলশ্ৰুতিত অসম চৰকাৰে ইক'ল'জিকেল টাক্স ফ'ৰ্চক বনাঞ্চলত গছপুলি ৰোপণৰ দায়িত্ব প্ৰদান কৰিছিল । সম্প্ৰতি প্ৰায় ২২ হেক্টৰ ভুমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰী গৰাকীয়ে ১ মাহৰ ভিতৰতে ৫০ হেক্টৰ ভুমিত গছপুলি ৰোপণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । ইফালে, অভয়াৰণ্যৰ ভিতৰচ'ৰাৰ পৰা ওভতাৰ পথত বনৰীয়া হাতীৰ জাকৰ সৈতে মুখামুখি হৈ ৰোমাঞ্চিত হৈ পৰে ।

পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে সাংসদ ৰঞ্জিত দত্ত, জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, বিধায়ক মুনীন্দ্ৰ দাস, বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande