
গোলাঘাট, ০২ ছেপ্তেম্বৰ (হি.স.): এক জৰাজীৰ্ণ পথে জলা কলা খুৱাইছে কেইবাটাও অঞ্চল। অতি ব্যস্ততা পূৰ্ণ পদুমনি মহিমা সংযোগী গড়কাপ্তানী পথৰ অতি শোচনীয় অৱস্থা। পথ নে পুখুৰী চিনিব নোৱাৰি। পথৰ মাজত বৃহৎ বৃহৎ গাত।
এক ব্যস্ততা পূৰ্ণ এই পথৰ বিধস্ততাই ভয়াবহ দূঘটনা সংঘটিত হোৱা সম্ভাৱনা বৃদ্ধি কৰিছে। বিদ্যালয়, মহাবিদ্যালয়, বা বিভিন্ন যাত্ৰী বাহী গাড়ী সমূহ চলাচলৰ ক্ষেত্ৰত যথেষ্ট সমস্যা সন্মুখীন হ’ব লগা হৈছে অঞ্চল বাসী। গতিকে অতি সোনকালে পথটো মেৰামতি দাবী জনাইছে স্থানীয় লোকসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ