তিতাবৰত ইউৰীয়া সাৰক লৈ হাহাকাৰ
তিতাবৰত ইউৰীয়া সাৰক লৈ হাহাকাৰ।
তিতাবৰত ইউৰীয়া সাৰক লৈ হাহাকাৰ


যোৰহাট, ০২ ছেপ্টেম্বৰ (হি.স.): যোৰহাট জিলাৰ তিতাবৰত ইউৰীয়া সাৰক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । চৰকাৰে প্ৰৱৰ্তন কৰা নতুন নীতি-নিৰ্দেশনাই খেতিৰ এই ভৰপক সময়তে তিতাবৰৰ কৃষক ৰাইজক দিশহাৰা কৰি পেলাইছে। চৰকাৰী নিয়ম অনুসৰি প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে বহু কৃষকে বিক্ৰেতাৰ পৰা ইউৰীয়া সাৰ সংগ্ৰহ কৰিব পৰা নাই। যাৰ ফলত অঞ্চলটোৰ অন্নদাতাসকলৰ মাজত এতিয়া এক বস্তা সাৰৰ বাবেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইফালে চৰকাৰী নীতিৰ এই জটিলতাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে ক'লা বজাৰত নিৰ্ধাৰিত মূল্যতকৈ দুগুণ দামত ইউৰীয়া বিক্ৰী কৰি ৰমৰমীয়া বেহা চলাইছে বুলি অভিযোগ উঠিছে। অসাধু চক্ৰৰ এনে মইমতালিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ কৃষক। যাৰ বাবে কৃষক সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ হৈছে।

এই সমগ্ৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰা কৃষকসকলে চৰকাৰ আৰু কৃষি বিভাগক শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। ক'লা বজাৰ সৃষ্টি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কোনো ধৰণৰ হাৰাশাস্তি নোহোৱাকৈ কৃষকে যাতে সহজভাৱে ইউৰীয়া সাৰ লাভ কৰিব পাৰে, তাৰ বাবে সুচল ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক ৰাইজে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande