শ্ৰীৰামপুৰত আৰক্ষীৰ তালাচীত বৃহৎ পৰিমাণৰ অবৈধ চেগুন কাঠ জব্দ
কোকৰাঝাৰ , ১৬ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা আৰক্ষীৰ নাকাত এন এল ০৪ এএ-১২৯০ ১২ চকীয়া এখন ট্ৰাক আটক
শ্ৰীৰামপুৰত আৰক্ষীৰ তালাচীত বৃহৎ পৰিমাণৰ অবৈধ চেগুন কাঠ জব্দ


কোকৰাঝাৰ , ১৬ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা আৰক্ষীৰ নাকাত এন এল ০৪ এএ-১২৯০ ১২ চকীয়া এখন ট্ৰাক আটক কৰি তালাচী চলোৱাত ট্ৰাক খনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ কাঠ উদ্ধাৰ কৰাৰ লগতে কাঠৰ বৈধ নথি-পত্ৰ নথকাত ট্ৰাকৰ চালক আৰু খালাচীক আটক কৰা হয়।

আজি দুপৰীয়াৰ ভাগত আৰক্ষীৰ নাকাত ট্ৰাকখন ৰখাই নথি-পত্ৰ পৰীক্ষা কৰাত ট্ৰাকত কঢ়িয়াই অনা কাঠৰ বৈধ কোনো নথি-পত্ৰ নথকাত ট্ৰাকখন আটক কৰি শিমুলটাপু আৰক্ষী চকীত আনি তালাচী চলোৱাত ট্ৰাকখনৰ পৰা প্ৰচুৰ পৰিমানৰ বাৰ্মিজ চেগুন কাঠ উদ্ধাৰ হয়। কাঠৰ বৈধ নথি-পত্ৰ নথকাত কাঠ সমূহ জব্দ কৰাৰ লগতে ট্ৰাকৰ চালক খালিদ খান আৰু খালাচী নৌশাদ খানক গ্ৰেপ্তাৰ কৰা হয়।দুয়োজনৰ ঘৰ বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ মিনাত। আৰক্ষীয়ে জব্দ কৰা কাঠ সমূহ ডিমাপুৰৰ পৰা নাগপুৰ লৈ নিয়াৰ কথা আছিল বুলি ধৃত ট্ৰাক চালকে প্ৰকাশ কৰে। জব্দ কৃত কাঠ সমূহ বনবিভাগক চমজাই দিয়া হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande