সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা
গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা। কাইলৈৰ পৰা হ''বলগীয়া জুবিন দিৱসৰ কাম- কাজৰ অগ্ৰগতিৰ বুজ ল''লে মন্ত্ৰীগৰাকীয়ে। জুবিন ক্ষেত্ৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰি সমৱেত হোৱা অনুৰাগীয়ে য
সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা


সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা


গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা।

কাইলৈৰ পৰা হ'বলগীয়া জুবিন দিৱসৰ কাম- কাজৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে।

জুবিন ক্ষেত্ৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰি সমৱেত হোৱা অনুৰাগীয়ে যাতে কোনো অসুবিধা নাপায় সেই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আগবঢ়ালে মন্তব্য। প্ৰধানকৈ পানী , শৌচাগাৰ, প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা অধিক সুচল কৰাত গুৰুত্ব মন্ত্ৰী গৰাকীৰ।

যানবাহন নিয়ন্ত্ৰণ শাখাই সকলো পথ নিৰ্দেশনা কাৰ্যকৰী কৰিব বুলিও জনালে মন্ত্ৰীগৰাকীয়ে। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনা কৰি সকলো কাৰ্য পৰিক্ৰমা নিশ্চিত কৰা হৈছে বুলিও জনালে মন্ত্ৰীগৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande