দৰঙৰ দলগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান, অস্ত্ৰ শস্ত্ৰ সহ ৫ জনক আটক
দৰং, ১৬ ছেপ্তেম্বৰ (হি.স.)। দৰঙৰ দলগাঁৱত ডকাইতিৰ পৰিকল্পনা। দৰঙৰ দলগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান। ডকাইতিৰ পৰিকল্পনা কৰি থকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰসহ ৫ জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ।জানিব পৰা মতে, ৩ নং শ্যামপুৰৰ আক্কাছ আলীৰ ঘৰত ডকাইতিৰ পৰিকল্পনা কৰি থকাৰ খবৰ
দৰঙৰ দলগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান, অস্ত্ৰ শস্ত্ৰ সহ ৫ জনক আটক


দৰং, ১৬ ছেপ্তেম্বৰ (হি.স.)। দৰঙৰ দলগাঁৱত ডকাইতিৰ পৰিকল্পনা। দৰঙৰ দলগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান। ডকাইতিৰ পৰিকল্পনা কৰি থকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰসহ ৫ জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ।জানিব পৰা মতে, ৩ নং শ্যামপুৰৰ আক্কাছ আলীৰ ঘৰত ডকাইতিৰ পৰিকল্পনা কৰি থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলায়।

অভিযানত শেখ ফৰিদ, আনছাৰ আলী, জাভেদ আলী, হাছান আলী আৰু ফৰিদ নামৰ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হয়।আৰক্ষীৰ অভিযানত অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।ঘটনাক কেন্দ্ৰ কৰি দলগাঁৱত সৃষ্টি হৈছে চাঞ্চল্যৰ। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।অৱশ্যে, আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande