সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠান
গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)। সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠান। সোণাপুৰৰ টাপেচিয়া কেম্পাছত অনুষ্ঠিত হ’ল অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক সমাৱৰ্তন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা
সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠান।


সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠান।


গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)। সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠান।

সোণাপুৰৰ টাপেচিয়া কেম্পাছত অনুষ্ঠিত হ’ল অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ১৫ সংখ্যক সমাৱৰ্তন।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ দৰ্শক লক্ষ্মণ প্ৰসাদ আচাৰ্য।

স্নাতকসকলক উদ্দেশ্যি ৰাজ্যপালগৰাকীয়ে আজীৱন শিক্ষণ, সততা আৰু নৈতিকতাক জীৱনৰ মূল আধাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এইবাৰৰ সমাৱৰ্তনত মুঠ ১,১২৯ গৰাকী শিক্ষাৰ্থীক স্নাতক, স্নাতকোত্তৰ, ডক্টৰেট আৰু ডিপ্লমা প্ৰদান কৰা হয়।

ইফালে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফ্ৰা. ড° জোচে পেলেলিয়ে এডিবিইউৰ মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তা ক্ষেত্ৰৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে।

লাচিত-২ উপগ্ৰহ অভিযান, এছ-বেণ্ড আৰু এক্স-বেণ্ড গ্ৰাউণ্ড ষ্টেচন আৰু এআই হাইভ লেবৰ জৰিয়তে উত্তৰ-পূব ভাৰতত ডিপ-টেক গৱেষণাক আগুৱাই নিয়াৰ লক্ষ্য বিশ্ববিদ্যালয়খনৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande