মৰিয়নি গ্ৰীণভীউ চাহ বাগিচাৰ অনিল ৰাজগড় হত্যা কাণ্ডৰ আন ৩ জন হত্যাকাৰীক গ্ৰেপ্তাৰ
যোৰহাট, ১৬ ছেপ্তেম্বৰ (হি.স.)। মৰিয়নি গ্ৰীণভীউ চাহ বাগিচাৰ অনিল ৰাজগড় হত্যা কাণ্ডত ৰ আন ৩ জন হত্যাকাৰীক গ্ৰেপ্তাৰ।প্ৰেমজনিত কাৰণতেই হত্যাৰ বলি হব লগা হৈছিল অনিল ৰাজগড়৷ হত্যাকাৰী মূল অভিযুক্ত কপিল কৰ্মকাৰৰ পত্নী অনিমা কৰ্মকাৰ ৰ সৈতে অনিল ৰাজগড় ৰ আছি
মৰিয়নি গ্ৰীণভীউ চাহ বাগিচাৰ অনিল ৰাজগড় হত্যা কাণ্ডৰ আন ৩ জন হত্যাকাৰীক গ্ৰেপ্তাৰ


যোৰহাট, ১৬ ছেপ্তেম্বৰ (হি.স.)। মৰিয়নি গ্ৰীণভীউ চাহ বাগিচাৰ অনিল ৰাজগড় হত্যা কাণ্ডত ৰ আন ৩ জন হত্যাকাৰীক গ্ৰেপ্তাৰ।প্ৰেমজনিত কাৰণতেই হত্যাৰ বলি হব লগা হৈছিল অনিল ৰাজগড়৷ হত্যাকাৰী মূল অভিযুক্ত কপিল কৰ্মকাৰৰ পত্নী অনিমা কৰ্মকাৰ ৰ সৈতে অনিল ৰাজগড় ৰ আছিল প্ৰেমৰ সম্পৰ্ক৷

যোৱা নিশা অনিল ৰাজগড়ৰ ৰ হত্যাকাৰী কপিল কৰ্মকাৰক আৰক্ষীয়ে আটক কৰাৰ পাছত আজি কপিল ৰ পত্নী অনিমা কৰ্মকাৰ, কপিলৰ ভায়েক সঞ্জীত কৰ্মকাৰ আৰু মহেশ ৰাজগড় নামৰ আন তিনিটা হত্যাকাৰী আটক কৰিছে। জানিব পৰা মতে স্বামীৰ নিৰ্দেশ মৰ্মে প্ৰেমিকা অনিমা কৰ্মকাৰে ফোন যোগে অনিল ৰাজগড় ক ঘৰৰ নিলগত থকা চাহ বাগিছাৰ মাজত মাতি আনি প্ৰথমে অনিমা কৰ্মকাৰে ব্লেডেৰে ডিঙি ৰেপি দিয়ে৷ ওচৰতে লুকাই থকা স্বামী কপিল কৰ্মকাৰ আৰু সহযোগী মহেশ ৰাজগড়ে মিলি চোকা অস্ত্ৰৰে শিৰচ্ছেদ কৰি হত্যা কৰে৷ পৰৱৰ্তী সময়ত ভায়েক সঞ্জীতৰ সহযোগত মৃতদেহ নদীৰ বালিচৰত পুতি ৰাখিছিল৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande