
ধুবুৰী, ২৩ আগষ্ট (হি.স.)। শেহতীয়াকৈ বিটিচি চৰকাৰে বিটিচিৰ বিভিন্ন অঞ্চলত গো বজাৰ মুকলি কৰাৰ পিছতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ মাজেৰে ধুবুৰীৰ গৌৰীপুৰৰ নদী পথৰে একাংশ গৰু বেপাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অবৈধ ভাৱে গো-ধন সৰবৰাহ কৰি থাকোতে আজি পুৱতি নিশা আঠানি আৰক্ষীয়ে এক গোপন খবৰৰ ভিক্তিত অভিযান চলাই জহৰমুৰা আৰু আমবাৰী অঞ্চলত অভিযান চলাই ৯ টা চোৰাং গৰুসহ ৩ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহকাৰী তিনিজন ক্ৰমে ৰহিজ উদ্দীন, ৰূপচান আলী আৰু আজগৰ আলী। আঠানি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ