
গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সেউজ শক্তি আৰু বহনক্ষম ৰে’ল পৰিচালনৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে ইয়াৰ বিভিন্ন মণ্ডল আৰু ইউনিটত সৌৰ শক্তিৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। সেউজ শক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে, ২০২৬ চনৰ জানুৱাৰীৰ পৰা জুলাইলৈ ২৩.৭ মেগাৱাট সৌৰ শক্তি ক্ষমতা স্থাপন কৰা হৈছে, যি ভাৰতীয় ৰে’লৱেৰ সকলো সংমণ্ডনৰ ভিতৰত সৰ্বাধিক।
এই সাফল্যৰ ফলত, ২০১১ চনত আৰম্ভ হোৱা সৌৰীকৰণ কাৰ্যসূচীৰ পৰা জুলাই ২০২৬ পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ স্থাপিত সৌৰ শক্তি ক্ষমতা ৪২.১ মেগাৱাটত উপনীত হৈছে। মণ্ডলসমূহৰ ভিতৰত লামডিং মণ্ডলে, গুৱাহাটী অংশকে ধৰি, মুঠ ১৭.৭ মেগাৱাট সৌৰ শক্তি ক্ষমতা স্থাপনেৰে সৰ্বাধিক সাফল্য অৰ্জন কৰিছে। ইয়াৰ পিছতে ৰঙিয়া মণ্ডলে ৯.৬ মেগাৱাট সৌৰ শক্তি ক্ষমতা স্থাপন কৰিছে। আলিপুৰদুৱাৰ, কাটিহাৰ আৰু তিনিচুকীয়া মণ্ডলেও উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামগ্ৰিক সৌৰ শক্তি ক্ষমতা বৃদ্ধিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। এই পদক্ষেপসমূহে পৰিষ্কাৰ আৰু বহনক্ষম শক্তিৰ ব্যৱহাৰৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতি অধিক সুদৃঢ় কৰিছে।
সৌৰ শক্তি স্থাপনসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে পৰিচালনগত আৰু বিত্তীয় দুয়োটা ক্ষেত্ৰতে উল্লেখযোগ্য সুফল কঢ়িয়াই আনিছে। ২০২৫–২৬ বিত্তীয় বৰ্ষত সৌৰ শক্তিৰ উৎপাদন প্ৰায় ১১৪ লাখ ইউনিটত উপনীত হয়, যাৰ ফলত প্ৰায় ৮.৬ কোটি টকাৰ সঞ্চয় হয়। ২০২৪–২৫ বিত্তীয় বৰ্ষৰ তুলনাত এই সময়ছোৱাত সৌৰ শক্তি উৎপাদনত প্ৰায় ৯০% বৃদ্ধি আৰু বিত্তীয় সঞ্চয়ত ৯৫.৪৫% বৃদ্ধি হৈছে। ২০২৪–২৫ বিত্তীয় বৰ্ষত প্ৰায় ৬০ লাখ ইউনিট সৌৰ শক্তি উৎপাদন কৰি প্ৰায় ৪.৪ কোটি টকাৰ সঞ্চয় কৰা হৈছিল।
সৌৰ শক্তি উৎপাদন আৰু ব্যয় ৰাহিৰ এই উল্লেখযোগ্য বৃদ্ধিয়ে কাৰ্বন নিৰ্গমন হ্ৰাস, পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি আৰু শক্তি ব্যয়ৰ অনুকূলীকৰণৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।
সেউজ শক্তিৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি অধিক সুদৃঢ় কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন মণ্ডলত অতিৰিক্ত ৯ মেগাৱাট সৌৰ শক্তি ক্ষমতা বৰ্তমান ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে। লামডিং, ৰঙিয়া, কাটিহাৰ আৰু আলিপুৰদুৱাৰ মণ্ডলত বৃহৎ পৰিসৰৰ সৌৰ শক্তি প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ পিছত অদূৰ ভৱিষ্যতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামগ্ৰিক নৱীকৰণযোগ্য শক্তি ক্ষমতা যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
এই পদক্ষেপসমূহে বহনক্ষম আৰু পৰিৱেশ-অনুকূল ৰে’ল পৰিচালনৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰাৰ লগতে ভাৰতীয় ৰে’লৱেক নেট-জিৰ’ কাৰ্বন নিৰ্গমনকাৰী ৰে’ল ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ লক্ষ্যত ইয়াৰ সক্ৰিয় অৱদানক প্ৰতিফলিত কৰিছে। সৌৰ শক্তিৰ নিৰন্তৰ সম্প্ৰসাৰণে কাৰ্বন নিৰ্গমন হ্ৰাস আৰু পৰিৱেশ সংৰক্ষণত সহায় কৰাৰ লগতে শক্তি ব্যয় হ্ৰাসৰ জৰিয়তে দীৰ্ঘম্যাদী অৰ্থনৈতিক সুফল প্ৰদান কৰিছে। ইয়াৰ ফলত শক্তিৰ দক্ষতা বৃদ্ধি পোৱাৰ লগতে শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাও অধিক শক্তিশালী হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী