অৰুণাচল প্ৰদেশৰ আপাৰ ভালুকপুঙত ভয়ংকৰ ভূমিস্খলন, শিল পৰি অসম আৰক্ষীৰ জোৱানৰ মৃত্যু
ইটানগৰ, ২৩ আগষ্ট (হি.স.)। অৰুণাচল প্ৰদেশৰ আপাৰ ভালুকপুঙত ভয়ংকৰ ভূমিস্খলন, শিল পৰি অসম আৰক্ষীৰ জোৱানৰ মৃত্যু। ::- অৰুণাচল প্ৰদেশৰ আপাৰ ভালুকপুঙত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। ভূমিস্খলনৰ ফলত এখন গাড়ীৰ ওপৰত প্ৰকাণ্ড শিল পৰাত মৃত্যু হয় অসম আৰক্ষীৰ এগৰ
অৰুণাচল প্ৰদেশৰ আপাৰ ভালুকপুঙত ভয়ংকৰ ভূমিস্খলন, শিল পৰি অসম আৰক্ষীৰ জোৱানৰ মৃত্যু


ইটানগৰ, ২৩ আগষ্ট (হি.স.)। অৰুণাচল প্ৰদেশৰ আপাৰ ভালুকপুঙত ভয়ংকৰ ভূমিস্খলন, শিল পৰি অসম আৰক্ষীৰ জোৱানৰ মৃত্যু।

::- অৰুণাচল প্ৰদেশৰ আপাৰ ভালুকপুঙত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন।

ভূমিস্খলনৰ ফলত এখন গাড়ীৰ ওপৰত প্ৰকাণ্ড শিল পৰাত মৃত্যু হয় অসম আৰক্ষীৰ এগৰাকী জোৱানৰ। মৃত জোৱানজন দেৰগাঁৱৰ ৰিংকুমণি হাজৰিকা বুলি জানিব পৰা গৈছে। লেন্স নায়ক ৰিংকুমণি হাজৰিকা দেৰগাঁৱৰ চি এ আৰ এছত কৰ্মৰত আছিল। জানিব পৰা মতে, পৰিয়ালৰ সৈতে অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাৰ সময়ত গাড়ী খনত তেওঁৰ পত্নী আৰু কন্যাও আছিল যদিও কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে।ঁ

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande