বন্দে মাতৰমৰ সন্মান আৰু ঐতিহাসিক ঐতিহ্য সুৰক্ষাৰ বাবে বিজেপিৰ দৃঢ় সংকল্প
কংগ্ৰেছে বন্দে মাতৰমৰ ঐতিহ্য সংকুচিত কৰাৰ আঁৰৰ ইতিহাস দেশবাসীৰ সন্মুখত উন্মোচন কৰক: ৰাজ্যিক বিজেপি গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। ''বন্দে মাতৰম'' কেৱল এটা ৰাষ্ট্ৰীয় গীত নহয়, ই ভাৰতৰ স্বাধীনতা সংগ্রাম, দেশপ্রেম, ত্যাগ, ৰাষ্ট্ৰীয় ঐক্য আৰু ভাৰতীয় জাতী
ৰাজ্য়িক বিজেপিৰ দলীয় পতাকা


কংগ্ৰেছে বন্দে মাতৰমৰ ঐতিহ্য সংকুচিত কৰাৰ আঁৰৰ ইতিহাস দেশবাসীৰ সন্মুখত উন্মোচন কৰক: ৰাজ্যিক বিজেপি

গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। 'বন্দে মাতৰম' কেৱল এটা ৰাষ্ট্ৰীয় গীত নহয়, ই ভাৰতৰ স্বাধীনতা সংগ্রাম, দেশপ্রেম, ত্যাগ, ৰাষ্ট্ৰীয় ঐক্য আৰু ভাৰতীয় জাতীয় চেতনাৰ এক অমৰ প্রতীক। অগণন স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু আত্মবলিদানৰ সৈতে গভীৰভাৱে জড়িত এই গৌৰৱময় ঐতিহ্যৰ সন্মান আৰু ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে ভাৰতীয় জনতা পার্টিয়ে এক গুৰুত্বপূৰ্ণ প্রস্তাৱ গ্ৰহণ কৰিছে।

আজি বিজেপি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰকাশিত এক প্রেছ বিবৃতিত দলৰ মুখপাত্র ব্রজেন মহন্তই কয় যে ১৯ আগষ্ট ২০২৬ তাৰিখে কংগ্ৰেছ ৱর্কিং কমিটীয়ে কংগ্ৰেছৰ কাৰ্যসূচীত 'বন্দে মাতৰম'ৰ কেৱল প্রথম দুটা স্তৱক গোৱাৰ সিদ্ধান্তক ভাৰতীয় জনতা পার্টিয়ে তীব্ৰ গৰিহণা জনাইছে। ৰাষ্ট্ৰীয় গৌৰৱৰ সৈতে জড়িত 'বন্দে মাতৰম'ৰ ঐতিহাসিক তাৎপর্য কোনো ৰাজনৈতিক তোষণ, সাম্প্রদায়িক চাপ বা সংকীর্ণ ভোট-বেংকৰ সমীকৰণৰ অধীন কৰিব নোৱাৰি ।

'বন্দে মাতৰম'ৰ ইতিহাসক সাম্প্রতিক ৰাজনৈতিক বিতৰ্কৰ সীমাৰ ভিতৰত আবদ্ধ নকৰি ইয়াৰ সম্পূৰ্ণ ঐতিহাসিক পটভূমি উপলব্ধি কৰা উচিত বুলি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰি কয় যে ঐতিহাসিক তথ্য অনুসৰি, ১৮৯৬ চনৰ কলকাতা কংগ্ৰেছ অধিৱেশনত প্ৰথমবাৰৰ বাবে 'বন্দে মাতৰম' গোৱা হৈছিল। সেই অধিৱেশনৰ সভাপতি আছিল মুছলমান নেতা ৰহমতুল্লাহ আহমেদ ছায়ানী । পৰৱৰ্তী সময়ত এই গীত স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ পৰে আৰু ব্ৰিটিছ সাম্রাজ্যবাদৰ বিৰুদ্ধে দেশবাসীৰ মাজত জাতীয় চেতনাৰ জাগৰণ ঘটোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

মহম্মদ আলী জৌহৰে সভাপতিত্ব কৰা ১৯২৩ চনৰ কংগ্ৰেছ অধিৱেশনতো আপত্তি উত্থাপিত হোৱাৰ পিছতো 'বন্দে মাতৰম' গোৱা হৈছিল বুলি ঐতিহাসিক নথিসমূহত উল্লেখ আছে । সেয়েহে মুখপাত্র মহন্তই কংগ্ৰেছ নেতৃত্বৰ সন্মুখত এক স্বাভাৱিক আৰু গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপন কৰে যে- যদি ১৮৯৬ চনৰ পৰা ১৯৩৭ চনলৈকে কংগ্ৰেছৰ বিভিন্ন অধিবেশনত 'বন্দে মাতৰম' সম্পূৰ্ণৰূপে গোৱা হৈছিল, তেন্তে ১৯৩৭ চনত এনে কি পৰিৱৰ্তন ঘটিল যে ইয়াৰ অংশবিশেষ বাদ দিয়াৰ সিদ্ধান্ত লোৱা হ'ল । বন্দে মাতৰমৰ ঐতিহ্য সংকুচিত কৰাৰ আঁৰৰ ইতিহাস দেশবাসীৰ সন্মুখত আনক কংগ্রেছে। এই প্রশ্ন কেৱল এটা গীতৰ স্তৱক সম্পৰ্কীয় নহয়, ইয়াৰ সৈতে স্বাধীনতা সংগ্ৰামৰ সময়ত গঢ় লৈ উঠা ৰাষ্ট্ৰীয় ঐক্য, দেশপ্রেম আৰু ৰাজনৈতিক সিদ্ধান্তৰ ইতিহাস জড়িত হৈ আছে। বিশেষকৈ ১৯০৫ চনৰ বংগভংগ বিৰোধী আন্দোলনৰ সময়ত 'বন্দে মাতৰম' এক শক্তিশালী দেশপ্ৰেমৰ ধ্বনিলৈ পৰিণত হৈছিল আৰু বহু ভাৰতীয়ক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে একত্ৰিত কৰিছিল ।

স্বাধীনতা সংগ্ৰামৰ ইতিহাস কোনো এটা ৰাজনৈতিক দলৰ সুবিধা বা ভোট-বেংকৰ সমীকৰণ অনুসৰি ব্যাখ্যা কৰিব নোৱাৰি । ১৯১৬ চনৰ লক্ষ্ণৌ চুক্তি, খিলাফত আন্দোলনক কেন্দ্ৰ কৰি সেই সময়ৰ কংগ্ৰেছৰ ৰাজনীতি আৰু পৰৱৰ্তী কালত বিভিন্ন সাম্প্রদায়িক দাবীৰ প্ৰতি কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ এই সকলোবোৰ বিষয় ঐতিহাসিক নথি আৰু প্ৰামাণিক উৎসৰ আধাৰত দেশবাসীৰ সন্মুখত ৰখা উচিত বুলিও মুখপাত্র ব্রজেন মহন্তই মত ব্যক্ত কৰে। লগতে মহন্তই কয় যে ইতিহাসক ৰাজনৈতিক সুবিধাৰ বাবে লুকুৱাই ৰখা বা খণ্ডিতভাৱে উপস্থাপন কৰাৰ পৰিৱৰ্তে নতুন প্ৰজন্মৰ সন্মুখত সত্য আৰু সম্পূর্ণ ঐতিহাসিক পটভূমি দাঙি ধৰাৰ সময় আহি পৰিছে। কংগ্ৰেছ নেতৃত্বই জৱাহৰলাল নেহৰুৰ ৰচনাসমগ্র, কংগ্ৰেছৰ ঐতিহাসিক নথি আৰু সেই সময়ৰ ৰাজনৈতিক যোগাযোগসমূহৰ আধাৰত ১৯৩৭-৩৮ চনৰ সিদ্ধান্তসমূহৰ সম্পূৰ্ণ পটভূমি দেশবাসীৰ সন্মুখত স্পষ্ট কৰা উচিত।

মুখপাত্ৰগৰাকীয়ে দৃঢ়তাৰে কয় যে কোনো ৰাজনৈতিক দলৰ ৱৰ্কিং কমিটীৰ প্ৰস্তাৱে ভাৰতৰ সাংবিধানিক ব্যৱস্থা, সাংবিধানিক প্রতিষ্ঠান অথবা সংসদে প্রণয়ন কৰা আইনক অতিক্রম কৰিব নোৱাৰে। ১৯৩৭ চনৰ কোনো ৰাজনৈতিক মত-ভেদক ১৯৫০ চনৰ সাংবিধানিক ব্যৱস্থা আৰু পৰৱৰ্তী আইনগত ব্যৱস্থাৰ ওপৰত স্থান দিব নোৱাৰি । ১৯৫০ চনৰ ২৪ জানুৱাৰীৰ দিনা সংবিধান সভাত বন্দে মাতৰম আৰু জন গণ মনক একেই মর্যাদা দিয়া হ'ব বুলি সংবিধান সভাৰ সভাপতি ড০ ৰাজেন্দ্ৰ প্রসাদে ঘোষণা কৰিছিল । এই প্ৰস্তাৱৰ জৰিয়তে বিজেপিয়ে 'বন্দে মাতৰম'ৰ সন্মান, মর্যাদা, ঐতিহ্য আৰু ৰাষ্ট্ৰীয় গীতৰ সন্মানক অটুট ৰখাৰ সংকল্প পুনৰ দৃঢ় কৰিছে।

দলটোৱে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত 'বন্দে মাতৰম'ৰ ইতিহাস, স্বাধীনতা সংগ্ৰামত ইয়াৰ ভূমিকা আৰু ইয়াৰ ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা সম্পর্কে সজাগতা বৃদ্ধিৰ বাবে দেশজুৰি কাৰ্যসূচী গ্ৰহণৰ আহ্বান জনাইছে ।

মুখপাত্র মহন্তই বিশ্বাস ব্যক্ত কৰে যে স্বাধীনতা সংগ্ৰামৰ ইতিহাস নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাটো কেৱল কোনো ৰাজনৈতিক দলৰ দায়িত্ব নহয়, ই প্ৰতিগৰাকী দেশপ্রেমিক নাগৰিকৰ নৈতিক দায়িত্ব। 'বন্দে মাতৰম'ৰ সৈতে জড়িত ত্যাগ, সংগ্রাম আৰু দেশপ্ৰেমৰ চেতনাই যুৱ প্ৰজন্মক এখন শক্তিশালী, আত্মনিৰ্ভৰ, সমৃদ্ধ আৰু ৰাষ্ট্ৰীয় গৌৰৱেৰে পৰিপূৰ্ণ ভাৰত নিৰ্মাণৰ বাবে অনুপ্রাণিত কৰিব। কোনো ৰাজনৈতিক সুবিধা, তোষণ বা ভোট-বেংকৰ সমীকৰণৰ বাবে 'বন্দে মাতৰম'ৰ সন্মান আৰু ঐতিহ্যৰ সৈতে কোনো আপোচ কৰা নহ'ব বুলিও মুখপাত্ৰগৰাকীয়ে মত প্রকাশ কৰে। ৰাষ্ট্ৰীয় ঐতিহ্যৰ প্ৰতি সন্মান কোনো দলীয় বিষয় নহয়, ই ভাৰতৰ আত্মপৰিচয় আৰু দেশৰ কোটি কোটি নাগৰিকৰ আবেগৰ সৈতে জড়িত বিষয়। এসময়ত 'বন্দে মাতৰম'ৰ ধ্বনিয়ে ব্রিটিছ সাম্রাজ্যক প্রত্যাহ্বান জনাইছিল আৰু ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ আকাংক্ষা আৰু জাতীয় চেতনাৰ জাগৰণ ঘটাইছিল। সেই চিৰন্তন দেশপ্ৰেমৰ ধ্বনি আজিও ভাৰতৰ ঐক্য, গৌৰৱ আৰু উন্নয়নৰ প্ৰেৰণাৰ উৎস।

'বন্দে মাতৰম' অতীতৰ গৌৰৱ, বৰ্তমানৰ ৰাষ্ট্ৰীয় চেতনা আৰু বিকশিত ভাৰতৰ ভৱিষ্যৎ সংকল্পৰ চিৰন্তন প্ৰেৰণা । ১৯৪৭ চনত স্বাধীনতাৰ আহ্বান হিচাপে যি 'বন্দে মাতৰম' প্রতিধ্বনিত হৈছিল, সেই একেটি 'বন্দে মাতৰম' মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ 'বিকশিত ভাৰত ২০৪৭' ৰ সংকল্পৰ সৈতে একাত্ম হৈ এখন শক্তিশালী, সমৃদ্ধ, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত নতুন প্রজন্মক অনুপ্রাণিত কৰি যাব বুলি মুখপাত্র ব্রজেন মহন্তই মত পোষণ কৰে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande