
গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত বিগত কিছুদিন ধৰি সংঘটিত হৈ থকা বহুকেইটা চুৰি ডকাইতিৰ ঘটনাৰে জড়িত অপৰাধীক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কেইবাটাও চুৰি আৰু ডকাইতি কাণ্ডৰে জড়িত এনে ৬ টা অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
গ্রেপ্তাৰ কৰা অপৰাধী কেইটা মাহিবুল ইছলাম, নিতুল মেধি, ৰাজীৱ আলী, দীপক সাহা, দীপক দাস আৰু ৰুবুল ওজা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে চুৰি লেপটপ, মোবাইলকে ধৰিবিভিন্ন সামগ্রী।
ইফালে অপৰাধীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ লাখটকীয়াত আন এক অভিযান চলায় আৰক্ষীৰ অভিযানকাৰী দলটোৱে চুৰি সোণ-ৰূপৰ আ-অলংকাৰ ক্রয় কৰা মইদুল ইছলাম নামৰ আন এজন লোককো গ্রেপ্তাৰ কৰে । অধিক তথ্যৰ বাবে আটাইকেইজনকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী