ধুবুৰী চৰ মেইন ৰোড অঞ্চলত এমাহত একেখন ঘৰতে তিনিবাৰকৈ ডকাইতৰ লুট-পাট
ধুবুৰী, ২৩ আগষ্ট (হি.স.)। ধুবুৰীৰ চৰ মেইন ৰোড এলেকাত শিহৰণকাৰী ডকাইতিৰ ঘটনা। আজি পুৱা প্ৰায় ৪ বজাত দুজনীয়া ডকাইতৰ দলে মুখত মাস্ক পৰিধান কৰি গণেশ দত্তৰ বাসভৱনত প্ৰৱেশ কৰি চলালে তাণ্ডৱ। গণেশ দত্তৰ নিকট আত্মীয় বিশ্বনাথ মজুমদাৰক চোকা অস্ত্ৰৰে আক্ৰমণ
ধুবুৰী চৰ মেইন ৰোড অঞ্চলত এমাহত একেখন ঘৰতে তিনিবাৰকৈ ডকাইতৰ লুট-পাট


ধুবুৰী, ২৩ আগষ্ট (হি.স.)। ধুবুৰীৰ চৰ মেইন ৰোড এলেকাত শিহৰণকাৰী ডকাইতিৰ ঘটনা। আজি পুৱা প্ৰায় ৪ বজাত দুজনীয়া ডকাইতৰ দলে মুখত মাস্ক পৰিধান কৰি গণেশ দত্তৰ বাসভৱনত প্ৰৱেশ কৰি চলালে তাণ্ডৱ।

গণেশ দত্তৰ নিকট আত্মীয় বিশ্বনাথ মজুমদাৰক চোকা অস্ত্ৰৰে আক্ৰমণ ডকাইতৰ দলটোৰ।

এমাহত একেখন ঘৰতে তিনিবাৰকৈ ডকাইতৰ দলে চলালে লুট-পাট।

ঘৰৰ খিৰিকিৰে প্ৰৱেশ কৰি আজি ডকাইতৰ দলটোৱে সেই ঘৰৰ গ্ৰীলৰ দুৱাৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতে বিশ্বনাথ মজুমদাৰ নামৰ যুৱক জনে বাধা দিবলৈ লওঁতে ডকাইতৰ দল টোৱে বিশ্বনাথক চোকা ছুৰিৰে আক্ৰমণ কৰে। পিচত পৰিয়ালৰ আন লোকে চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলটো পলাই যায়।

আৰক্ষীয়ে আজি ঘটনাস্থলীত আহি তদন্ত কৰে যদিও এতিয়ালৈকে কাকো আটক কৰিব পৰা নাই ধুবুৰী আৰক্ষী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande