হাইলাকান্দিত আৰক্ষীৰ অভিযানত ২.৭ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ পেডলাৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত ২.৭ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ পেডলাৰ।
হাইলাকান্দিত আৰক্ষীৰ অভিযানত ২.৭ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ, গ্ৰেপ্তাৰ পেডলাৰ


হাইলাকান্দি, ২৩ আগষ্ট (হি.স.): হাইলাকান্দি চহৰত ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰাখি আৰক্ষীয়ে জব্দ কৰিছে ২.৭ গ্ৰাম সন্দেহজনক হেৰ’ইন। শনিবাৰ সন্ধিয়া হাইলাকান্দি চহৰৰ ১৬ নম্বৰ ৱাৰ্ডৰ খালৰ পাৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এই ড্ৰাগছখিনি জব্দ কৰাৰ লগতে এজন সন্দেহজনক ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকজনক আব্দুল জলিল লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ধৃত লোকজনৰ ঘৰ হাইলাকান্দি চহৰৰ ৫ নম্বৰ ৱাৰ্ডত। আৰক্ষীৰ অভিযানৰ সময়ত তেওঁৰ পৰা মুঠ ৬৫টা সৰু কণ্টেইনাৰত ভৰাই ৰখা অৱস্থাত সন্দেহজনক হেৰ’ইনখিনি উদ্ধাৰ কৰা হয়।জব্দ কৰা ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ২.৭ গ্ৰাম বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। উদ্ধাৰ হোৱা সামগ্ৰীখিনি প্ৰাথমিকভাৱে হেৰ’ইন বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ প্ৰকৃত পৰিচয় নিশ্চিত কৰিবলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande