গহপুৰত নকল সোণ জব্দ
গহপুৰত নকল সোন।
গহপুৰত নকল সোণ জব্দ


বিশ্বনাথ, ২৩ আগষ্ট (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ যোৱা কালি শনিবাৰে বিয়লি গহপুৰ অৰক্ষীয়ে এক গোপন সূত্ৰৰ প’ম খেদি নকল সোণ জব্দ কৰে ৷

গহপুৰ কনকলতা ভৱনৰ সন্মুখত দণ্ডিৰাম বৰা আৰু পৱন গায়নৰ নেতৃত্বত অভিযান চলাই এআৰ ০১ কিউ ৯৬৯৩ নম্বৰৰ গাড়ীৰ পৰা প্ৰায় ৫১০ গ্ৰাম নকল সোণ জব্দ কৰে ৷ তথ্য অনুসৰি লক্ষিমপুৰ জিলাৰ সোণাপুৰৰ পৰা গহপুৰলৈ মুস্তাফা আহমেদ আৰু হজৰত আলীয়ে বিক্ৰি কৰিবলৈ লৈ আহোতে আৰক্ষীৰ হাতত ধৰা পৰে ৷ উক্ত গাড়ী খন প্ৰায় ৫০ হাজাৰ টকাৰ ভাড়াত লৈ আহিছিল ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande