নিউ বঙাইগাঁও ৰেলৱে জংচনত জব্দ প্ৰায় ৪২ কেজি গাঞ্জা
নিউ বঙাইগাঁও ৰেলৱে জংচনত জিআৰপিৰ অভিযান।
নিউ বঙাইগাঁও ৰেলৱে জংচনত জব্দ প্ৰায় ৪২ কেজি গাঞ্জা


বঙাইগাঁও, ২২ আগষ্ট (হি.স.): নিউ বঙাইগাঁও ৰেলৱে জংচনত যোৱা কালি শুকুৰবাৰে নিশা জিআৰপিৰ অভিযান চলে । এই অভিযানত জব্দ কৰা হয় প্ৰায় ৪২ কেজি গাঞ্জা।

ৰেলেৰে গাঞ্জা সৰবৰাহ কৰি লৈ গৈ থাকোতে বিশেষ সূত্ৰৰ পম খেদি ৰে’ল আৰক্ষীয়ে জব্দ কৰে গাঞ্জা খিনি। লগতে আটক কৰে গাঞ্জা দুই সৰবৰাহকাৰীক। সৰবৰাহকাৰী দুজন ক্ৰমে ইমৰাণ শ্বেখ আৰু ইমৰাণৰ পত্নী নাৰ্গিছ বুলি পৰিচয় পোৱা গৈছে । এই দম্পত্তিহাৰল ঘৰ কৰ্ণাটকত বুলি আৰক্ষীৰ সন্মুখত সদৰি কৰিছে। এই সন্দৰ্ভত জিআৰপিয়ে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande