
গোলাঘাট, ২১ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ লেটেকুজানত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং জব্দ কৰা হৈছে । যোৱা কালি বৃহস্পতিবাৰে নিশা লেটেকুজানৰ অতুল ৰাজপুত নামৰ লোকজনৰ বাসগৃহত অভিযান চলায় আৰক্ষীয়ে।
গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু নুমলীগড় আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত বাসগৃহটোৰ পৰা প্ৰায় ১০ৰ পৰা ১৫ কেজি ভাং জব্দ কৰে । অভিযানৰ পিচতে আৰক্ষীয়ে অতুল ৰাজপুতক গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ