নাজিৰাত আজি উজনিৰ বিধ্বংসী বানৰ বিভীষিকা: বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন ৰ ওপৰত নাগৰিক সভা
শিৱসাগৰ, ২৩ আগষ্ট (হি.স.)। উজনিৰ বিধ্বংসী বানৰ বিভীষিকাৰ পিছত নাজিৰাৰ শিক্ষাবিদ , আইনজ্ঞ আৰু সমাজ সচেতন ব্যক্তিৰ উদ্যোগত বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন ৰ ওপৰত বহুল ভাৱে বিশ্লেষণ কৰি আলোচনাৰ জৰিয়তে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্য আ
নাজিৰাত আজি উজনিৰ বিধ্বংসী বানৰ বিভীষিকা: বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন ৰ ওপৰত নাগৰিক সভা


শিৱসাগৰ, ২৩ আগষ্ট (হি.স.)। উজনিৰ বিধ্বংসী বানৰ বিভীষিকাৰ পিছত নাজিৰাৰ শিক্ষাবিদ , আইনজ্ঞ আৰু সমাজ সচেতন ব্যক্তিৰ উদ্যোগত বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন ৰ ওপৰত বহুল ভাৱে বিশ্লেষণ কৰি আলোচনাৰ জৰিয়তে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্য আগত ৰাখি আজি নাজিৰা এম চি ক্লাৱৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে ।

শেহতীয়াকৈ উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাকে ধৰি সমগ্ৰ অঞ্চলটোত দেখা দিয়া অভূতপূৰ্ব প্ৰলয়ংকাৰী বান সম্পৰ্কে সমগ্ৰ ৰাজ্যৰ প্ৰতিজন সচেতন নাগৰিকেই জ্ঞাত। এই বিধ্বংসী বানে সমাজ আৰু অৰ্থনীতিৰ ভেটি ছাৰখাৰ কৰি পেলালে জিলাকেইখনৰ । শতাধিক লোকৰ প্ৰাণহানিৰ উপৰি হাজাৰ হাজাৰ পৰিয়ালে ঘৰ-দুৱাৰ, সম্পত্তি আৰু জীৱিকা হেৰুৱাই এক চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে । এই সংকটৰ সময়ত যিবোৰ ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, স্বেচ্ছাসেৱী সংস্থা আৰু মহানুভৱ ব্যক্তিয়ে সাহসেৰে আগবাঢ়ি আহি সাহায্য আৰু উদ্ধাৰ কাৰ্যত আত্মনিয়োগ কৰিলে, তেওঁলোকৰ প্ৰতি প্ৰতিজন বানপীড়িতই কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

কিন্তু, সাময়িক সকাহেই এই সমস্যাৰ স্থায়ী সমাধান হ’ব নোৱাৰে। ভৱিষ্যতে এনে বিভীষিকাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ বানৰ প্ৰকৃত কাৰণসমূহ উদঘাটন কৰা, বিজ্ঞানসন্মত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক পুনৰগঠনৰ বাবে এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ অতি জৰুৰী।

এই উদ্দেশ্যে বিষয়-বিশেষজ্ঞ, সমাজকৰ্মী আৰু সচেতন নাগৰিকসকলক একত্ৰিত কৰি এক সুচিন্তিত ভৱিষ্যদৰ্শন যুগুত কৰাৰ লক্ষ্যৰে এই নাগৰিক সভাৰ অনুষ্ঠিত কৰা হয় ।

অঞ্চলটোৰ সুৰক্ষিত ভৱিষ্যত নিৰ্মাণৰ এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত বহু ৰাইজৰ উপস্থিতি আৰু গঠনমূলক দিহা-পৰামৰ্শ সভাত আলোচনা কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande