বৰপেটাৰ নিৰলাচৰত পৰম্পৰাগত নাওখেল প্ৰতিযোগীতা
বৰপেটা, ২৩ আগষ্ট (হি.স.)। দেশ স্বাধীন হোৱাৰ পূৰ্বৰেপৰা বৰপেটাৰ নিৰলাচৰত আয়োজন কৰি আহিছে পৰম্পৰাগত নাওখেল প্ৰতিযোগীতা। চলিত বৰ্ষত চিৰাজ উদ্দিন মেমোৰিয়েল ক্লাৱৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত নাও খেল প্ৰতিযোগিতাৰ প্ৰথম দিনাই লোকে লোকাৰণ্য হৈ পৰে ব্ৰহ্মপুত
বৰপেটাৰ নিৰলাচৰত পৰম্পৰাগত নাওখেল প্ৰতিযোগীতা


বৰপেটা, ২৩ আগষ্ট (হি.স.)। দেশ স্বাধীন হোৱাৰ পূৰ্বৰেপৰা বৰপেটাৰ নিৰলাচৰত আয়োজন কৰি আহিছে পৰম্পৰাগত নাওখেল প্ৰতিযোগীতা। চলিত বৰ্ষত চিৰাজ উদ্দিন মেমোৰিয়েল ক্লাৱৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত নাও খেল প্ৰতিযোগিতাৰ প্ৰথম দিনাই লোকে লোকাৰণ্য হৈ পৰে ব্ৰহ্মপুত্ৰৰ সূঁতিৰ পাৰ।

প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা ১০ খন ৰং বিৰঙৰ নাওৰ প্ৰতিদ্বন্দিতা উপভোগ কৰিবলৈ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় । দৰ্শকৰ হাত চাপৰি আৰু হৰ্ষোল্লাসৰ মাজেৰে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ প্ৰতিখন নাওৱেই তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পৰিলক্ষিত হয়। ইপিনে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা এখন তীব্ৰবেগী নাও মাজ নদীত ডুব যোৱাত প্ৰায় ২০-২৫ জন প্ৰতিযোগী পানীত পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । পিছত আয়োজক সমিতিৰ সহযোগত এছডিআৰএফ ৰ জোৱানে উদ্ধাৰ কৰে প্ৰতিযোগী নাৱৰীয়া সকলক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande