গুৱাহাটীত এছ টি এফৰ অভিযান, প্ৰায় ৮০ কোটি টকাৰ ১০ কিলোগ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰ’ইন জব্দ, এজনক আটক
গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। অবৈধ পৰিবহণ আৰু বিপুল পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ সন্দেহযুক্ত চুক্তি সন্দৰ্ভত নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত কাম কৰি বিশেষ টাস্ক ফ’ৰ্চ, অসমৰ এটা দলে ইনপুট প্ৰস্তুত কৰি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰে। আজি দিনৰ প্ৰায়
গুৱাহাটীত এছ টি এফৰ অভিযান, প্ৰায়  ৮০ কোটি টকাৰ ১০ কিলোগ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰ’ইন জব্দ, এজনক আটক


গুৱাহাটীত এছ টি এফৰ অভিযান, প্ৰায়  ৮০ কোটি টকাৰ ১০ কিলোগ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰ’ইন জব্দ, এজনক আটক


গুৱাহাটী, ১৪ আগষ্ট (হি.স.)। অবৈধ পৰিবহণ আৰু বিপুল পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ সন্দেহযুক্ত চুক্তি সন্দৰ্ভত নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত কাম কৰি বিশেষ টাস্ক ফ’ৰ্চ, অসমৰ এটা দলে ইনপুট প্ৰস্তুত কৰি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰে।

আজি দিনৰ প্ৰায় ১:৩০ বজাত এছ টি এফ, অসমৰ দলটোৱে গুৱাহাটীৰ লালমাটিৰ পৰা পঞ্জাৱৰ লুধিয়ানাৰ স্থায়ী বাসিন্দা হৰদীপ সিঙক আটক কৰে। অভিযানৰ সময়ত দলটোৱে তেওঁৰ হাতৰ পৰা ১০.১৮৪ কেজি সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে। জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৮০ কোটি।

এছটিএফৰ দলটোৱে মহিন্দ্ৰা থাৰৰ গাড়ী, মোবাইল ফোন, নথি-পত্ৰ, আৰু অন্যান্য প্ৰাসংগিক সামগ্ৰীও উদ্ধাৰ কৰি জব্দ কৰে।

জব্দৰ সন্দৰ্ভত এছটিএফ পি.এছ. গোচৰ নং ০৭/২০২৬ পঞ্জীয়ন কৰা হৈছে, আৰু আইন অনুসৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

নিষিদ্ধ সামগ্ৰীৰ উৎস আৰু ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক আৰু নেক্সছৰ সৈতে জড়িত অন্যান্য ব্যক্তিসকলক অচিৰেইক কৰায়ত্ত কৰিবলৈ ধৃত লোকজনক জেৰা চলায় থকাৰ লগতে অধিক তদন্ত চলি আছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande