বাক্সাৰ মুছলপুৰত চিলনি চোৰে লুটিলে চাৰি লক্ষাধিক টকা
বাক্সা, ১৩ আগষ্ট (হি.স.)। বাক্সাৰ মুছলপুৰত চিলনি চোৰে আজি লুটি নিয়ে চাৰি লক্ষাধিক টকা । মুছলপুৰৰ জিলা কেন্দ্ৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা । বৰকুছিজাৰৰ যমুনা দাস বড়ো নামৰ এগৰাকী মহিলাৰ পৰা কাঢ়ি লৈ যায় এই ধনখিনি । জানিব পৰামতে, আজি মুছলপুৰস্থিত ভ
বাক্সাৰ মুছলপুৰত চিলনি চোৰে লুটিলে চাৰি লক্ষাধিক টকা


বাক্সা, ১৩ আগষ্ট (হি.স.)। বাক্সাৰ মুছলপুৰত চিলনি চোৰে আজি লুটি নিয়ে চাৰি লক্ষাধিক টকা । মুছলপুৰৰ জিলা কেন্দ্ৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা । বৰকুছিজাৰৰ যমুনা দাস বড়ো নামৰ এগৰাকী মহিলাৰ পৰা কাঢ়ি লৈ যায় এই ধনখিনি ।

জানিব পৰামতে, আজি মুছলপুৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা যমুনা দাস বড়োৱে ধনখিনি উলিয়াই আনি আহিছিল জিলা কেন্দ্ৰলৈ ।

জিলা কেন্দ্ৰৰ পৰা ওলাই অহাৰ সময়তে বাইকত অহা দুজন যুৱকে মহিলা গৰাকীৰ পৰা কাঢ়ি লৈ যায় বেংকৰ পৰা উলিয়াই অনা চাৰি লক্ষাধিক টকা । ইফালে যুৱক দুজনৰ সৈতে কৰা টনা-আজোৰাত যথেষ্ট পৰিমাণে আহত হয় মহিলাগৰাকী ।

পিচত মহিলাগৰাকীক ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও টকা ভৰ্তি মোনাখন লৈ উধাও হয় বাইক আৰোহী ।

উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা সময়তে এনেদৰে ধন লুট কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ইতিমধ্যে ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande