
বঙাইগাঁও, ১৪ আগষ্ট (হি.স.): বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ নয়াচাৰা বিলৰ পাৰত সংঘটিত হৈছে এক জঘন্য ঘটনা। যোৱা কালি বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।
জানিব পৰামতে, মানসিক বিকাৰগ্ৰস্ত মহিলা এগৰাকীক অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ বাবে যুৱক এজনে চেষ্টা কৰিছিল । অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ বাবে বাইকেৰে লৈ আনিছিল মানসিক ভাৰসাম্যহীন মহিলা গৰাকীক । ঘটনাটো পথচাৰী তথা পথ নিৰ্মানৰ বনুৱাৰ দৃষ্টিগোচৰ হোৱাত বাইক এৰি পলায়ন কৰে যুৱকজন । উদ্ধাৰ হোৱা পালচাৰ বাইকৰ নম্বৰ এএছ ১৯ ই ৯৪০৯ বুলি কোৱা হৈছে। পিছত ৰাইজৰ সহযোগত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিসালয়লৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ