
কোকৰাঝাৰ, ০৯ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ দলে যোৱা কালি বৃহস্পতিবাৰে নিশা অভিযান চলাই চোৰাংকৈ সৰবৰাহ কৰা চাৰিটা গৰু সহ এখন বলেৰো বাহন জব্দ কৰে । ইয়াৰ লগতে দুজন গৰু সৰবৰাহকাৰীৰ আটক কৰে।
প্ৰাপ্ত তথ্যমতে, এএছ ১৯ এল ২৪৫৯ নম্বৰৰ বলেৰো বাহনৰে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ সোণাপুৰৰ পৰা চোৰাং গৰু অসমৰ অভয়াপুৰীলৈ সৰবৰাহ কৰাৰ সময়ত শিমুলটাপু আৰক্ষীয়ে বাহন খন ৰখাই তালাচী চলোৱাত বলেৰো বাহনখনৰ পৰা চাৰিটা গৰু উদ্ধাৰ কৰে । বাহনখন জব্দ কৰাৰ লগতে গৰু সৰবৰাহকাৰী মোকছেদুল আলী আৰু জাহিদুল শ্বেখক আটক কৰে । সৰবৰাহকাৰী দুজনৰ ঘৰ গোসাইগাঁৱৰ হাউৰিয়াপেট বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ