
ধুবুৰী, ০৯ জুলাই (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ টিলাপাৰাত যোৱা কালি বৃহস্পতিবাৰে নিশা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান চলে । টিলাপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা দৌৰাই দৌৰাই গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীক ।
শালকোচা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰী মজিমুল হক । ধৃত মজিমুলৰ ঘৰ কামাৰডিহি দ্বিতীয় খণ্ড গাঁৱত । ড্ৰাগছ বেপাৰী মজিমুলৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ। ড্ৰাগছৰ ৰেড ক'ৰিডৰ লৈ পৰিণত হৈছে বিলাসীপাৰাৰ টিলাপাৰা। তিনি দিন পূৰ্বে টিলাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শালকোচা আৰক্ষীয়ে জব্দ কৰিছিল ২.৪ কোটি টকাৰ য়াবা টেবলেট। গ্ৰেপ্তাৰ কৰিছিল তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক। টিলাপাৰা, কামাৰডিহি, সন্তোষপুৰৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ বেপাৰীয়ে চলাই গৈছে ড্ৰাগছৰ সাম্ৰাজ্য।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ