শিৱসাগৰৰ আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
শিৱসাগৰ, ১০ জুলাই (হি.স.)। শিৱসাগৰৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া ৰূপম দে ওৰফে নেমু। গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নগৰ পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ লগতে সাত জনীয়া এটা আৰক্ষীৰ দলে নাজিৰা ন-মাটি ঘৰফলীয়া গাৱৰ এটা মথাউৰিৰ ওপৰত ৰূপম দে
শিৱসাগৰৰ আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ


শিৱসাগৰ, ১০ জুলাই (হি.স.)। শিৱসাগৰৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া ৰূপম দে ওৰফে নেমু। গোপন সূত্ৰৰ পম খেদি শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নগৰ পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ লগতে সাত জনীয়া এটা আৰক্ষীৰ দলে নাজিৰা ন-মাটি ঘৰফলীয়া গাৱৰ এটা মথাউৰিৰ ওপৰত ৰূপম দে ওৰফে নেমুক আটক কৰিবলৈ সক্ষম হয়। শিৱসাগৰৰ শান্তিবন শ্মশানৰ সন্মুখত এটা ভাড়াঘৰত বসবাস কৰি ড্ৰাগছৰ ব্যৱসায় চলাই আছিল নেমু ওৰফে ৰূপম দেই।

বিগত কিছু দিন ধৰি পলাতক অৱস্থাত আছিল নেমু ওৰফে ৰূপম দে। আৰক্ষীয়ে প্ৰায় ১০ কিলোমিটাৰ খেদি আটক কৰে নেমু ওৰফে ৰূপম দেক।পূৰ্বতেও আৰক্ষীয়ে বহু বাৰ গ্ৰেপ্তাৰ হৈছিল ৰূপম দে ওৰফে নেমুক ।গ্ৰেপ্তাৰ কৰিছে যদিও বাৰে বাৰে আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহে ড্ৰাগছ মাফিয়াজন। কালি নিশা পুনৰ আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছসহ ৰূপম দে ওৰফে নেমুক আটক কৰিবলৈ সক্ষম হয়। নেমু ওৰফে ৰূপম দেৰ পৰা আৰক্ষীয়ে ৪০.৮৩ গ্ৰাম হেৰইন,এটা মানিবেগ,দুটা মোবাইল ফোন(চেমচাং/আই ফোন ১৩) জব্দ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande