গোলাঘাটত গো-মাংস উদ্ধাৰ আৰক্ষীৰ
গোলাঘাটত গো-মাংস উদ্বাৰ আৰক্ষীৰ।
গোলাঘাটত গো-মাংস উদ্ধাৰ আৰক্ষীৰ


গোলাঘাট, ১১ জুলাই (হি.স.): যোৰহাটৰ পাছত এইবাৰ গোলাঘাটত যোৱা কালি শুকুৰবাৰে সন্ধিয়া গো-মাংস উদ্ধাৰ কৰে আৰক্ষী কৰ্মীয়ে । গোলাঘাট জিলাৰ ৰঙাজানৰ সমীপৰ ৪নং কোৰোকা গাঁৱত এই গো-মাংস উদ্ধাৰ কৰা হয় ।

গাওঁ খনৰ এটা বাসগৃহত গো-মাংস কাটি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ মাংস উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande