
ধুবুৰী ৩১ জুলাই (হি.স.): ধুবুৰীৰ ৮ নং ৱাৰ্ডত অৱস্থিত জিয়াজ লজত নাৰী দেহৰ ব্য়ৱসায় চলাৰ অভিযোগ উত্থাপিত হৈছে। বাহিৰৰ পৰা ছোৱালী আনি দেহ ব্যাৱসায় চলোৱাৰ অভিযোগ উঠিছে । ইয়াৰ মাজতে ধুবুৰীৰ ৮ নং ৱাৰ্ডত অৱস্থিত জিয়াজ লজৰ কোঠালীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া চলে ধুবুৰী আৰক্ষীৰ বৃহৎ অভিযান । অভিযানত এগৰাকী অসমীয়া ছোৱালীয়ে কোঠালীত ৫ গৰাকী পুৰুষৰ সৈতে লীলা খেলা চলোৱাৰ কথা পোহৰলৈ আহে ।
জানিব পৰা মতে তেজপুৰৰ মিছন চাৰিআলিৰ হিন্দু ছোৱালী জনীৰ সৈতে দেহ ব্যৱসায়ত লিপ্ত হৈছিল ৫ জনকৈ মুছলমান পুৰুষ । পিছে আৰক্ষীয়ে আটক কৰা ছোৱালী জনীৰ তথ্য মতে ছোৱালী জনীৰ নাম জুনু দাস । ছোৱালী জনীয়ে দাবী কৰা মতে মুচলমান ব্যাক্তিৰ সৈতে বিবাহ সম্পন্ন হৈছে আৰু বৰ্ত্তমান ছোৱালী জনিৰ নাম জেনিফা বেগম ।
ধুবুৰী আৰক্ষী যে প্ৰায় ২ ঘণ্টা জুৰি অভিযান চলায় ২০১ নং কোঠাত । বহু আপত্তিজনক বয় বস্তু জব্দ কৰে কোঠালী টোৰ পৰা । অৱশেষত জামালুদ্দিন নামৰ এজন যুৱক আৰু মহিলা গৰাকীক আটক কৰে আৰক্ষীয়ে । হোটেলৰ মেনেজাৰ জনকো তদন্তৰ খাতিৰত আটক কৰে আৰক্ষীয়ে । অৱশ্যে নিশালৈ অভিযান চলাৰ বাবেই মহিলা গৰাকীক হটেলতেই মহিলা আৰক্ষীৰ জিম্মাত ৰাখিছে আৰক্ষীয়ে । পিছে এই ঘটনাৰ সৈতে কোনো বৃহৎ চক্ৰ জৰিত থকাৰ সন্দেহ কৰিছে আৰক্ষীযে । হোটেলৰ চিচিটিভিত আবদ্ধ আছে সকলো দৃশ্য। অভিযোগ মতে দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ জিয়াছ লজত চলি আহিছে এনে অসামাজিক কাৰ্য্যকলাপ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ