
গোৱালপাৰা, ২৯ জুলাই (হি.স.)। গোৱালপাৰা জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত। এইবাৰ ধুমেৰঘাট আৰক্ষীৰ বৃহৎ সফলতা ধুমেৰঘাট আৰক্ষীয়ে নিশাৰ ভাগত বিশেষ অভিযান চলাই এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে উল্লেখযোগ্য পৰিমাণৰ সন্দেহজনক ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
গোপন সূত্ৰৰ ভিত্তিত ধুমেৰঘাট আৰক্ষীয়ে কালি নিশাৰ ভাগত খলিছাভিটা লক্ষীপুৰ পিডব্লিউডি ৰাস্তাৰ পৰা আৰক্ষীয়ে ডাপকাৰভিটা গাঁৱৰ বাসিন্দা সাহেৰা খাতুন নামৰ এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আৰক্ষীৰ তথ্য অনুসৰি, মহিলাজনীৰ স্বামীৰ নাম ৰহিম আলী।তালাচীৰ সময়ত মহিলাজনীৰ দখলৰ পৰা ৪৭টা আৰু মহিলাগৰাকীৰ নিজ গৃহৰ পৰা আৰু ৩২ টা সন্দেহজনক ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰা হয়। জব্দকৃত সামগ্ৰীসমূহ আৰক্ষীয়ে ঘটনাস্থলীত আইনগত প্ৰক্ৰিয়া অনুসৰি জব্দ কৰাৰ পিছত অধিক তদন্তৰ বাবে থানালৈ লৈ যায়।এই ড্ৰাগছখিনি ক'ৰ পৰা অনা হৈছিল, কাক যোগান ধৰা হৈছিল, আৰু এই চক্ৰৰ সৈতে আন কোন কোন ব্যক্তি জড়িত আছে—এই সকলো দিশত ধুমেৰঘাট আৰক্ষীয়ে গভীৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অগ্ৰগতিৰ লগে লগে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ