শোণিতপুৰৰ বালিপৰাত চুৰিকাণ্ড
শোণিতপুৰ, ৩০ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা । যোৱা কালি বুধবাৰে নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। নিশা চুৰে বালিপৰা চেন্টাৰৰ মাজমজিয়াত থকা বালিপৰা চেলুন নামৰ চেলুন খনত উপদ্ৰপ চলায়। চোৰে দৰ্জা ভাঙি ভিতৰত প্ৰবেশ
শোণিতপুৰৰ বালিপৰাত চুৰিকাণ্ড


শোণিতপুৰ, ৩০ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা । যোৱা কালি বুধবাৰে নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা।

নিশা চুৰে বালিপৰা চেন্টাৰৰ মাজমজিয়াত থকা বালিপৰা চেলুন নামৰ চেলুন খনত উপদ্ৰপ চলায়। চোৰে দৰ্জা ভাঙি ভিতৰত প্ৰবেশ কৰি চেলুনখনৰ ভিতৰৰ কেচি, গ্লাছ আদি আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দোকানত থকা কিছু খুচুৰা টকা লৈ যায় । ঘটনা সন্দৰ্ভত চেলুনখনৰ গৰাকীয়ে চাৰিদুৱাৰ আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande